উৰিয়ামঘাট/নগাঁও টাউন/হোজাই/বঢ়মপুৰঃ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত বৃহস্পতিবাৰে ৰাজ্যজুৰি বিভিন্ন বিদ্যালয়ত প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক এক সজাগতা শিবিৰ অনুষ্ঠিত কৰে। বিভিন্ন সজাগতামূলক কাৰ্যৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা কেনেদৰে নিজক ৰক্ষা কৰিব পাৰি সেই বিষয়ত এই সজাগতা শিবিৰ অনুষ্ঠিত হয়।  

NNO উৰিয়ামঘাটঃ গোলাঘাট  জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ আৰু সৰুপথাৰ ৰাজহ চক্ৰৰ সৌজন্যত পূৱ সৰুপথাৰ গাঁও পঞ্চায়তত দুৰ্যোগ প্ৰশমনৰ জৰুৰীকালীন ব্যৱস্থাপনাৰ অনুশীলন কৰা হয়। দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ ২১ খন পঞ্চায়তৰ লোকৰ উপস্থিতিত পূৱ সৰুপথাৰ গাঁও পঞ্চায়তৰ অনুশীলনত বানৰ সময়ত সুচাৰুৰূপে সহায় পৰিচালনা আৰু দুৰ্ঘটনা শূণ্যৰ বিষয়ে আলোচনা কৰা হয়। অনুশীলনত পূৱ বৰপথাৰ গাঁও পঞ্চায়তৰ সচিব প্ৰধান, পঞ্চায়তৰ আঞ্চলিক সদস্যা, গোলাঘাট জিলাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য উপস্থিত থাকে। 

NNO নগাঁও টাউনঃ নগাঁও জিলা দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া উদ্যোগত গাঁও পঞ্চায়ত পৰ্যায়ৰ জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলনৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী সমূহ নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৩টা স্থানত সফলতাৰে অনুষ্ঠিত হয়৷  'বানৰ সময়ত সুচাৰুৰূপে সাহাৰ্য্য পৰিচালনা৷ নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মাজ জাজৰি গাঁৱৰ পঞ্চায়তৰ মাজগাঁও চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠানটি অনুষ্ঠিত হয় ৷ অঞ্চলৰ বিশিষ্ট ব্যক্তিবৃন্দ, সৰ্বসাধাৰণ ৰাইজ তথা কাষৰীয়া একাধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত মাজ জাজৰি শিক্ষা মণ্ডলৰ সমন্বয়ক নৰেন ডেকাই বানপানী তথা অন্যান্য দুৰ্য্যোগৰ সময়ত ল'ব লগা সাৱধানতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে ভাষণ প্ৰদান কৰে৷ প্ৰাক্তন কৃতী শিক্ষক মহেশ লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত সজাগতামূলক সভাত মাজগাঁও ভোমোৰাগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ষীৰোদ কুমাৰ গায়ণ, গাঁও পঞ্চায়তৰ সভানেত্ৰী মঞ্জু মেধি দাস, বন্তিবালা গোস্বামীয়ে ভাষণ প্ৰদান কৰে৷ 

NNO হোজাইঃ বৃহস্পতিবাৰে সমগ্র ৰাজ্যৰ লগতে ডবকাতো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মুখামুখি কৰাৰ বাবে সজাগতা সভা অনুষ্ঠিত হয়৷ ডবকা ৰাজহ চক্ৰ বিষয়া অনুসূয়া শৰ্মাৰ উপস্থিতিত ডবকাক ৩০ খন বিচনা যুক্ত চৰকাৰী চিকিৎসালয়ৰ চৌহত সজাগতা সভাত ৰাইজক সজাগ কৰাৰ বাবে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে কেনেকৈ মুখামুখি হ’ব লাগে তাৰ প্ৰদৰ্শন মূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ অগ্নি নিৰ্বাপক বাহিনীৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকি সজাগতা সভা অনুষ্ঠিত হয়৷ 

NNO বঢ়মপুৰঃ নগাঁও জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও পঞ্চায়ত পৰ্যায়ৰ প্ৰায় ৩০খন বিদ্যালয়ত জৰুৰীকালীন ব্যৱস্থাপনাৰ অনুশীলন সম্পৰ্কীয় এক কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ৰাজহ চক্ৰৰ অধীনৰ বিদ্যালয় সমূহত বানপানীৰ সুচাৰুৰূপে সময়ত মোকাবিলা কৰিব পৰাকৈ নিজকে কিদৰে সচেতন কৰিব পাৰি সেই সম্পৰ্কত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে শোভাযাত্ৰা আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়।