হাফলংঃ আকৌ অভিনৱ প্ৰতিবাদ৷ সংগীতৰ পিছত এইবাৰ অভিনয়ৰে প্ৰতিবাদ৷ অভিনয়েৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা এই যুৱকজন আন কোনো নহয়৷ তেওঁ হৈছে নমামি মহোৎসৱক লৈ গীতেৰে আঁৰৰ কথা কোৱা হাফলঙৰ ডেনিয়েল লাংথাছা৷

ডেনিয়েলৰ এইবাৰৰ প্ৰতিবাদৰ কাৰণ এটি পথ৷ ডিমা হাছাও জিলাৰ সদৰ হাফলঙত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত নিৰ্মাণ কৰা হৈছিল পথটো৷ কিন্তু নিৰ্মাণৰ ৪ মাহ সম্পূৰ্ণ নৌহওতেই বিধ্বস্ত হৈ পৰিছে সমগ্ৰ পথটো৷

পথটোৰ এনে জৰাজীৰ্ণ ৰূপ দেখি থিৰেৰে থাকিব নোৱাৰিলে ডেনিয়েলে৷ বন্ধ, পথ অৱৰোধ, ধৰ্ণাৰে সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ পৰিৱৰ্তে ছ’চিয়েল মিডিয়াৰেই সাব্যস্ত কৰিলে প্ৰতিবাদ৷ এইবাৰ পিছে গানেৰে নহয়, অভিনয়ৰে সাব্যস্ত কৰিলে প্ৰতিবাদ৷ অভিনয়ো সাধাৰণ নহয়৷ একেবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰিত্ৰ ৰূপায়ণ৷

প্ৰধানমন্ত্ৰী মোদীৰ কথন ভংগী নকল কৰি ফেচবুকত ডেনিয়েলে আপলোড কৰিলে এটি ভিডিঅ’৷ কথন ভংগীৰ লগতে মেক-আপেৰে নিজৰ মুখমণ্ডলো মোদীৰ দৰেকৈ সজাই লোৱা দেখা গৈছে ভিডিঅ’টোত৷ 

মোদী ষ্টাইলত এফালে নিৰ্মাণৰ ৩ মাহতে জৰাজীৰ্ণ হৈ পৰা ভিডিঅ’টো দেখুৱাই ডেনিয়েলে কৈ গৈছে- ‘‘মিত্ৰো, ইয়ে ৰোড ডিচেম্বৰ কো বনা থা৷ অব ইয়ে হালত হো গয়া হাফলং কা ৰোড কা৷ ইয়ে তো বহুত বুৰি বাত হ্যাই মিত্ৰো৷’’ জৰাজীৰ্ণ পথটোৰ লগতে আন কেতবোৰ বিষয়তো মোদীৰ কথনভংগী অনুকৰণ কৰি কেবাটাও ভিডিঅ' নিজস্ব ফেচবুক টাইমলাইনত আপলোড কৰিছে ব্যতিক্ৰমী ডেনিয়েলে। 

ডেনিয়েলৰ এনে অভিনৱ প্ৰতিবাদৰ ভিডিঅ’টোৱে ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিশেষ জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে৷ উল্লেখ্য যে বিশ্বৰ লগতে দেশৰো ভিন্ন প্ৰান্তত  ছ’চিয়েল মিডিয়াযোগে বহু লোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও অসমত প্ৰতিবাদৰ এনে ধাৰা বৰ্তমানো সম্পূৰ্ণৰূপত গঢ়ি উঠা নাই৷