নাওকাটাঃ পিতৃহীন এগৰাকী ন বছৰীয়া শিশু৷ দৰিদ্ৰ পৰিয়ালৰ এই শিশুটিক শাৰীৰিক বাধা গ্ৰস্ততাই কোঙা কৰি পেলাইছে৷ সমনীয়াই খেলাধূলা কৰি হাঁহি স্ফূৰ্টিৰে পখিলা খেদি জীৱন অতিবাহিত কৰিছে সেইসময়তে 'হুইল চেয়াৰ'ত জীৱন অতিবাহিত কৰিছে এই শিশুটিয়ে৷

দুৰ্ভগীয়া এই শিশুটিৰ নাম অমল কলিতা। ঘৰ বিটিএডিৰ বাগছা জিলাৰ গোৰেশ্বৰৰ সুৱাগপুৰ ভোলাবটাবাৰীৰ। পিতৃহীন অমলক বিগত নবছৰে মাতৃ পদুমণি কলিতাই বিভিন্ন স্থানত চিকিৎসা কৰি আহিছে যদিও সুফল লাভ কৰা নাই।

আন দহগৰাকী শিশুৰ দৰে অমলো আছিল হৃষ্ট-পুষ্ট। হৃষ্ট-পুষ্ট অমল জন্মৰ প্ৰায় এবছৰ পিছৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ শাৰীৰিক অৱস্থাৰ অৱনটি ঘটে। অমলৰ ৰোগৰ আৰম্ভণিৰ এবছৰ পিছতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অমলৰ পিতৃ কন্দৰ্প কলিতাৰ৷

ইয়াৰ পিছতে মূৰত আকাশ ভাঙি পৰিল শিশুটিৰ মাতৃ পদুমণি কলিতাৰ৷ বিগত ৯ বছৰে সমাজকৰ্মী কনক কলিতাৰ সহযোগত বিভিন্ন স্থানত চিকিৎসা কৰি আহিছে যদিও সুফল লাভ কৰা নাই পৰিয়ালটোৱে৷ ফলত উৱাদিহ হেৰুৱাইছে পুত্ৰৰ স্বাস্থ্যক লৈ উদ্বিগ্ন বিধৱা মাতৃয়ে৷

পুত্ৰক চিকিৎসাৰ নামত চৰকাৰৰ সংশ্লিষ্ট বিভাগবোৰত আবেদন-নিবেদন কৰিছে যদিও কোনো সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷  কেইবছৰ মান পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুখ্যমন্ত্ৰীৰ পূঁজিৰ পৰা আগবঢ়াইছিল দহ হাজাৰ টকা৷ শিশুটোৱে ব্যৱহাৰ কৰি থকা হুইল চিয়াৰখন দিছিল সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে৷

কিন্তু দিন যোৱাৰ লগে লগে অমলৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে সাম্প্ৰতিক চৰকাৰক বহু আবেদন-নিবেদন কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে মাতৃয়ে৷

কণমাণি অমলে এদিন খোজ কাঢ়িবলৈ শিকিব, ঠুনুক-ঠানাক মাতেৰে কথা ক'বলৈ শিকিব, এই আশা বুকুত পুহি ৰাখিছে মাতৃয়ে৷ সেয়ে ৰাইজৰ ওচৰত চিকিৎসা সাহায্য বিচাৰি আবেদন জনাইছে শাৰীৰিকভাৱে অক্ষম শিশুটিৰ মাতৃয়ে৷

কোনো শুভকাংক্ষীয়ে সাহায্য প্ৰদান কৰিব বিচাৰিলে 88226-50303 নম্বৰত যোগাযোগ কৰিব পাৰে।  চেন্ট্ৰেল বেংক অব ইণ্ডিয়াৰ মহৰিপাৰা শাখাৰ 3538102614  নম্বৰ একাউণ্টযোগেও সদাশয় লোকসকলে সাহায্য প্ৰদান কৰিব পাৰিব বুলি জনাইছে কণমাণিটিৰ মাতৃয়ে৷