ডিজিটেল ডেস্কঃ শক্তিপীঠ কামাখ্যাত কাইলৈৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা৷ ২৫জুনলৈ চলিব এই মেলা৷ মেলালৈ ইতিমধ্যে বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা কামাখ্যালৈ আগমন ঘটিছে বিভিন্ন সাধু সন্যাসী আৰু ধৰ্মপ্ৰাণ লোকৰ৷

অম্বুবাচী উপলক্ষে মন্দিৰৰ চৌহদত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি দাবী কৰিছে আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই৷ কিন্তু কেইদিনমানৰ পূৰ্বে ৰাজ্যৰ পৰ্যটনক্ষেত্ৰখনত কালিমা লগাই পুনৰ সংঘটিত হয় ধৰ্ষণৰ ঘটনা৷

কামাখ্যাত ভণ্ড বাবাই এগৰাকী জাৰ্মানৰ অসহায় যুৱতীক ধৰ্ষণ কৰি ব্লেকমেইল কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পিতৃৰ চিকিৎসাৰ বাবে ভণ্ড বাবাৰ কাষ চাপিছিল বিদেশৰ যুৱতীগৰাকী৷ ব্লেকমেইলিঙৰে বাবাই যুৱতীগৰাকীৰ পৰা সৰকাইছিল লক্ষাধিক টকা৷ কেৱল অম্বুবাচীয়ে পৰ্যটকৰ পৰা যেন মুঠেই সুৰক্ষিত নহয় অসম৷ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰায়ে সংঘটিত হৈ আহিছে এনে ঘটনা৷

কেইবছৰমানৰ পূৰ্বে ৰঙিয়াত প্ৰবঞ্চকৰ হাতত সৰ্বস্বান্ত হৈছিল পৰ্যটকৰ এটা দল৷ আনহাতে চলিত বৰ্ষৰ জানুৱাৰীত অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অঞ্চল বৰাবস্তিত পৰ্যটকৰ এখন বাহনক লক্ষ্য কৰি আক্ৰমণ চলাইছিল অজ্ঞাত আততায়ীয়ে৷ কেৱল আন্তৰাষ্ট্ৰীয় পৰ্যটকেই নহয়, দেশৰ বিভিন্ন অঞ্চলৰ পৰ্যটকৰ ওপৰতো সঘনাই সংঘটিত হৈ আহিছে একাধিক আক্ৰমণ৷

পৰ্যটকৰ বাবে বছৰি এক বৃহৎ পৰিমাণৰ ধন লাভ কৰি আহিছে অসমে৷ পৰ্যটনৰ বাবে যদিও কেতবোৰ নতুন আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰখনে পৰ্যটকৰ সুৰক্ষা দিশটো এতিয়াও বহু পৰিমাণে অৱহেলিত হৈ আছে৷ অতিথিপৰায়ণতাৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত অসমৰ শেহতীয়া পৰিস্থিতিয়ে পৰ্যটন ক্ষেত্ৰখনলৈ যে অমানিশা নমাই আনিব সেই কথা নুই কৰিব নোৱাৰি৷