newsnextone.com | ডিজিটেল ডেস্কঃ অসমৰ এনআৰচিৰ পৰা ৪০ লাখ লোক বাদ পৰা বিষয়ত প্ৰতিটো ৰাজনৈতিক দলে ৰাজনীতি কৰা আৰম্ভ কৰিছে। কংগ্ৰেছ তৃণমূল, শাসকীয় বিজেপি কোনেও পিছ পৰা থকা নাই। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে পুনৰ বিৰোধী দলক আক্ৰমণ কৰিছে অসমৰ এনআৰচিৰ গইনা লৈ।

দেওবাৰে ৰাহুল গান্ধী আৰু বিৰোধী দলক উভতি ধৰি অমিত শ্বাহে এনআৰচিৰ প্ৰয়োজন আছে নে নাই বুলি কৈ ৰাহুল গান্ধীক উত্তৰ দিবলৈ কয়।

উত্তৰ প্ৰদেশৰ মোগলচৰাই ৰেল ষ্টেচন জন সংঘৰ নেতা দীনদয়াল উপধ্যায়ৰ নামত নামকৰণ কৰা অনুষ্ঠানত অংশ লৈ উক্ত মঞ্চৰ পৰা বিৰোধী দলক আক্ৰমণ কৰি বিৰোধিয়ে ভোটৰ বাবে অবৈধ অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰা বুলি কয়। 

অমিত শ্বাহে কয় যে অসমৰ পৰা বাংলাদেশী বিতাৰণ কৰিবলৈ এনআৰচি কৰা হৈছে। অথচ মমতাই কৈছে এয়াৰ প্ৰয়োজন নায়। কংগ্ৰেছেও একেই সুৰত কথা কৈছে। আমি ৰাহুল গান্ধীক প্ৰশ্ন কৰিব খুজিছোঁ, এনআৰিচৰ প্ৰয়োজন আছে নে নাই। কিন্তু ৰাহুল গান্ধীয়ে এই উত্তৰ দিয়া নায়। কংগ্ৰেছে থিক কৰক অনুপ্ৰৱেশকাৰীক দেশত থাকিব দিয়া উচিত নে।

১৯৬৮ চনত মোগল চৰাই ৰেল ষ্টেচনত জনসংঘৰ নেতা দীনদয়াল উপাধ্যায়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। যাৰ বাবে ষ্টেচনৰ নাম দীনদয়াল কৰা হয়। অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল উপস্থিত থাকে।