মালদহঃ নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া জাতিৰ জীৱন-মৰণৰ কাৰক। ইফালে এইখন বিতৰ্কিত বিধেয়কক লৈ বি জে পিয়ে কিয় ইমান আঁকোৰগোঁজ হৈ আছে? এই ৰহস্য ক্ৰমাৎ ফাদিল হ’বলৈ আৰম্ভ কৰিছে।

২০১৪ৰ সাধাৰণ নিৰ্বাচনত বিকাশ আৰু ভাৰতক বিশ্বৰ ভিতৰতে অৰ্থনৈতিকভাৱে শীৰ্ষত অৱস্থান কৰোৱাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা নৰেন্দ্ৰ মোডী চৰকাৰে যোৱা পাঁচটা বছৰত পূৰ্বৰ কংগ্ৰেছক সমালোচনা কৰিয়েই পাৰ কৰিলে। অৰ্থনৈতিকভাৱে বিশ্বৰ ভিতৰক ভাৰতক শীৰ্ষ স্থানত বহুৱাৰ কথা এতিয়া বি জে পিয়ে নকয়, ক’লা ধনৰ বিষয়তো দলটো এতিয়া নীৰব। 

বিকাশৰ সলনি চৰকাৰে কৰ্মসংস্থান হ্ৰাস কৰাহে দেখা গৈছে। কৃষক-শ্ৰমিক তথা দুখীয়াৰ অৱস্থা আৰু অধিক বেয়াৰ দিশলৈ যোৱা বুলি অভিযোগ উঠিছে। 

গতিকে ২০১৯ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ইছ্যু গেৰুৱা দলটোৰ হাতত নোহোৱা হৈ পৰিছে। সেয়ে এইবাৰ বিদেশী হিন্দুক সংস্থাপন দিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে দলটোৱে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশল বচনা কৰিছে।

মঙলবাৰে পশ্চিমবংগৰ মালদহত অনুষ্ঠিত বি জে পিৰ এক প্ৰচাৰ সভাত দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ভাষণত সেয়াই প্ৰতিফলিত হ’ল। তেওঁ দ্বিঅৰ্থহীনভাৱে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক আগন্তুক লোকসভা নিৰ্বাচনত প্ৰধান ইছ্যু হ’ব।

নিজৰ ৰাজনৈতিক অভিষ্ট সিদ্ধিৰ বাবে বি জে পিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনক গৃহীত কৰিবলৈ চেষ্টা কৰি অসম আৰু অসমীয়াক ধ্বংসৰ গঢ়াহলৈ ঠেলি দিয়াত ক্ষুব্ধ হৈ পৰা অসমীয়াক সেয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে ভাগ ভাগ কৰাৰ অপচেষ্টাতহে কৰা দেখা গৈছে।

ভিডিঅ’টো চাওকঃ