অমৃতসৰঃ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠা ভাৰত চৰকাৰে চুবুৰীয়া দেশখনৰ বিৰুদ্ধে কঠোৰ বাণিজ্যিক চৰ্ত আৰোপ কৰিছে৷ 

কেন্দ্ৰীয় চৰকাৰে ইমান দিনে পাকিস্তানক দি থকা ‘মষ্ট ফেভাৰ্ড নেচন’ৰ মৰ্যাদা কৰ্তন কৰাত দুই দেশৰ মাজত স্তব্ধ হৈ পৰিছে আমদানি আৰু ৰপ্তানি৷

ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ আট্টাৰি সীমান্তত বৰ্তমান আঢ়ৈশতকৈও অধিক ট্ৰাক আৱদ্ধ হৈ পৰিছে৷ 

ভাৰত চৰকাৰে পাকিস্তানৰপৰা অহা সামগ্ৰীৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে৷ 

চৰকাৰৰ এই কঠোৰ সিদ্ধান্তৰ ফলত এতিয়া ভাৰতৰ সীমান্ত অঞ্চলত খাদ্য-দ্ৰৱ্য নাটনি হোৱাৰ দিশে আগবাঢ়িছে৷