কোকৰাঝাৰঃ অসম চৰকাৰৰ শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কোকৰাঝাৰ জিলাৰ ৯৩৪ গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক অাজি অানন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। ইয়াৰ অংশস্বৰূপে আজি পুৱা কোকৰাঝাৰ জিলা প্ৰশাসন আৰু বিদ্যালয় পৰিদৰ্শকৰ উদ্যোগত কোকৰাঝাৰ চহৰৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত  মুঠ ৯৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰমাণপত্ৰ অাৰু এটাকৈ লেপটপ প্ৰদান কৰা হয় ৷

বঁটা বিতৰণী কাৰ্যসূচীৰ সতে সংগতি ৰাখি কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আজি এক সভাও অনুষ্ঠিত হয় ৷ কোকৰাঝাৰ জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীৰ উপস্থিতিত বিটিচিৰ কাৰ্য্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰা সভাখনত কোকৰাঝাৰ জিলা বিদ্যালয় পৰিদৰ্শক জগদীশ চন্দ্ৰ ব্ৰহ্মই সভাপতিত্ব কৰে ৷

উল্লেখ্য যে যোৱা  ২০১৬ চনত জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৯৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ  হৈছিল। আজি ছাত্ৰ-ছাত্ৰী সকলক প্ৰমাণ পত্ৰ অাৰু  লেপটপ প্ৰদান কৰি বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী আৰু জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্বল ভৱিষ্যত কামনা কৰিছে।