গোগামুখঃ কংগ্ৰেছ চৰকাৰৰ দিনত সমাজ কল্যাণ বিভাগত দুৰ্নীতি হোৱা বুলি অভিযোগ তোলা গেৰুৱা দলৰ চৰকাৰখনে বিষয়টোৰ তদন্তৰ বাবে ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি কাৰ্যতঃ ৰূপায়ণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে গোগামুখৰ ৰঙাজানবাসীয়ে।

অংগনবাড়ী কেন্দ্ৰৰ প্ৰতিষ্ঠাক লৈ বিভাগটোত অনিয়মৰ চৰ্চা সততে হৈ থকাৰ মাজতে এইবাৰ শিক্ষক-কৰ্মচাৰীৰ চিন-চাব নোহোৱা অংগনবাড়ী কেন্দ্ৰ এখনৰ কথা পোহৰলৈ আহিছে। এই অংগনবাড়ী কেন্দ্ৰটো হৈছে গোগামুখৰ ৰঙাজান কৈৱৰ্ত গাঁৱৰ। কোনোধৰণৰ নামফলক নোহোৱা এই কেন্দ্ৰৰ দায়িত্বত থকা কোনো বিষয়-ববিয়াৰে মুখ দেখা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে গোগামুখৰ ৰাইজে। গাঁওখনত এখন প্ৰাথমিক বিদ্যালয় আছে যদিও তাত শিক্ষাৰ কোনো পৰিৱেশ নথকাৰ কথাও ৰাইজৰপৰা জানিবপৰা গৈছে।

উল্লেখ্য যে সমাজ কল্যাণ বিভাগত ২ হাজাৰ কোটিৰো অধিক পৰিমাণৰ টকাৰ অনিয়ম হোৱাৰ খবৰ বিগত বৰ্ষতে ওলাইছিল। তদুপৰি ৰাজ্যখনত ৰাজ্যখনত মুঠ ৩৯৪ টা ভুৱা অংগনবাড়ী কেন্দ্ৰ আছে বুলি প্ৰতিবেদন প্ৰকাশিত হৈছিল।