ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ মন্ত্ৰী অনিল মাধৱ দেভৰ ৬০ বছৰ বয়সত দেহাৱসান ঘটে। ২০০৯ চনৰপৰা ৰাজ্যসভাৰ সদস্য হিচাপে থকা দেভে ২০১৬ ত গুৰুত্বপুৰ্ণ বিভাগটোৰ দায়িত্ব লৈছিল। হৃদৰোগত আক্ৰান্ত হৈ দেভৰ মৃত্যু হোৱা বুলি জানিবপৰা গৈছে। 

মধ্যপ্ৰদেশৰ বৰনগৰত জন্ম লাভ কৰা দেভৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ এজন জনতাৰ ভাল সেৱক আছিল। পৰিৱেশ সংৰক্ষণক লৈ তেওঁ যথেষ্ট উৎসাহিত আছিল বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

বুধবাৰে আৱেলিলৈকে দেভৰ লগত থাকি কেতবোৰ বিষয়ত আলোচনা কৰাৰ পিছত এনেদৰে হঠাতে হোৱা মৃত্যুত শোকস্তব্ধ হোৱা বুলি মোদীয়ে টুইটযোগে উল্লেখ কৰে।