গুৱাহাটীঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল বিতৰ্কিত আৰক্ষী বিষয়া অঞ্জন বৰা। ফেচবুকত বিজেপি বিধায়িকা সন্দৰ্ভত কৰা অশালীন মন্তব্য কৰাৰ অভিযোগত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াজনক।

মহানগৰীৰ গীতানগৰস্থিত  বাসভৱনৰ পৰা বৰাক আই টি এক্টৰ ৬৬ আৰু ৬৭ ধাৰাৰ অধীনত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ফেচবুকত অশালীন মন্তব্য কৰাৰ পিছতে বৰাৰ বিৰুদ্ধে চি আই ডিত গোচৰ ৰুজু কৰিছিল আইজিপি (প্ৰশাসন) প্ৰদীপ শালৈয়ে।

♦ এঘণ্টা পিছতে জামিন লাভ

উক্ত গোচৰৰ ভিত্তিতে বৰাক গ্ৰেপ্তাৰ কৰি চি আই ডিৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয়। ইফালে  গ্ৰেপ্তাৰ কৰাৰ সময়ত চিঞৰ-বাখৰ কৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে আৰক্ষী বিষয়াজনে। চিঞৰি চিঞৰি বৰাই কয় যে তেওঁৰ হাতত উপযুক্ত প্ৰমাণ আছে। আনকি গ্ৰেপ্তাৰ কৰিবলৈ যোৱা চি আই ডি বিষয়াক গুলীওৱাৰো ভাবুকি প্ৰদান কৰে বৰাই।

"মোৰ হাতত প্ৰমাণ আছে। দিছপুৰত দেহ ব্যৱসায় বন্ধ হ'বই লাগিব। কোনেও মোৰ গাৰ নোম এডালো লৰাব নোৱাৰে।"- বন্দুকেৰেই ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি চিঞৰি চিঞৰি এইদৰে কয় বৰাই। 

চি আই ডিৰ বাহনত উঠাৰ পূৰ্বে সাংবাদিকৰ আগত বৰাই বিজেপি নেতা তথা মন্ত্ৰী ৰঞ্জিৎ দত্তকো আক্ৰমণ কৰে। গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ বাবেই দত্তক আক্ৰমণৰ লক্ষ্য কৰি লয় বিতৰ্কিত বৰাই। "আনক বেয়া বুলি কোৱাৰ আগতে নিজে ভাল হ'ব লাগে। সি কি কৰি ফুৰে মই সকলো জানো।"-নিজে আনক বেয়া বুলি এনেয়ে কৈ ফুৰাৰ কথা পাহৰি এইদৰে দত্তক কটাক্ষ কৰে বৰাই।

গ্ৰেপ্তাৰৰ সময়ত বিষয়াজনৰ লেপটপ, মোবাইলো জব্দ কৰে চি আই ডিয়ে। ক্ষন্তেক পিছতে বিতৰ্কিত বৰাক আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰৰ কিছুসময়ৰ পিছতে আৰক্ষী বিষয়াজনক তাৎক্ষণিকভাৱে পদৰ পৰা নিলম্বনৰ নিৰ্দেশ দিয়া হয়। আনহাতে গ্ৰেপ্তাৰৰ এঘণ্টা পিছতে জামিন লাভ কৰে অঞ্জনে। উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ ২০ এ পি আই আৰ বেটেলিয়নৰ উপ অধিনায়কৰ দায়িত্বত আছিল বিতৰ্কিত বৰা।

ইফালে, আৰক্ষী বিষয়াজনক মানসিক চিকিৎসাৰ প্ৰয়োজন বুলি মন্তব্য আগবঢ়াইছে কেবাগৰাকী শীৰ্ষ বিজেপি নেতাই। অভিনেতা যতীন বৰায়ো সাংবাদিকে এই সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত কয় যে মানসিক ভাৰসাম্য হেৰুৱালেহে এজন লোকে এনে কথা ক'ব পাৰে। সেয়ে আৰক্ষী বিষয়াজনক মেণ্টেল ৰিহেবিলিটেশ্যন চেণ্টাৰত ৰখাৰো পৰামৰ্শ আগবঢ়ায় অভিনতা বৰাই।