ডিজিটেল ডেস্কঃ নিৰ্ভয়া কাণ্ডতকৈও লোমহৰ্ষক ধৰ্ষণৰ কাণ্ড পোহৰলৈ আহিছে হাৰিয়ানাৰ ৰোহটক জিলাত। কেৱল ধৰ্ষণ কৰাই নহয়, তাৰ পিছত হত্যা কৰি ডিঙি কাটি পেলোৱাৰ ঘটনাই সাধাৰণ লোককে নহয়, আৰক্ষীকো হতভম্ব কৰি তুলিছে। নিৰ্ভয়া কাণ্ডৰ দোষীসকলৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাৰ এসপ্তাহ পাৰ নৌহওতেই দেশত পুনৰাই সংঘটিত হৈছে এনে জঘন্য অপৰাধ। 

ৰোহটকৰ যুৱতীগৰাকীক অপহৰণ কৰি ধৰ্ষণৰ পিছত হত্যা কৰি ডিঙি কাটি পেলাই থোৱা অৱস্থাত ১১ মে’ত উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱামতে ৭ জনকৈ লোকে এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। 

ঘটনাৰ বিৱৰণি মতে হাৰিয়ানৰ সোণেপট জিলাত বাস কৰা পৰিয়ালটোৰ জীয়ৰীগৰাকীয়ে ৯ মে’ত কামলৈ যোৱাৰ পিছত ঘুৰি অহা নাছিল। তাৰ পিছতে পৰিয়ালে আৰক্ষীৰ কাষ চাপে। এনেদৰেই আৰক্ষীৰ সন্ধানত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহটো। 

আৰক্ষীৰ ভাষ্যমতে যুৱতীগৰাকীৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলোৱা হৈছে। দেহৰ বিভিন্ন অংগত চোকা অস্ত্ৰৰ আঘাতৰ চিন পোৱা বুলি আৰক্ষীয়ে জনাইছে। আনকি যুৱতীগৰাকীৰ চিনাক্তকৰণ যাতে কৰিবপৰা নাযায়, তাৰবাবে যুৱতীগৰাকীৰ মুৰৰ ওপৰেৰে গাড়ীৰ চকাৰ উঠাই দিয়াৰ চিন স্পষ্ট বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। 

পৰিয়ালৰ লোকে জনোৱামতে এজন যুৱকে যোৱা এবছৰ ধৰি যুৱতীগৰাকীৰ ওপৰত আতিশায্য চলাই আহিছিল। বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই হত্যাৰ ভাবুকীও দিছিল যুৱকজনে। ঘটনাটোৰ মুখ্য অভিযুক্ত হিচাপে চুবুৰীয়া সুমিত নামৰ এই যুৱকজনক চিনাক্ত কৰিছে পৰিয়ালে।