গুৱাহাটীঃ গণৰাজ্য দিৱসত কোনো এখন ৰাজ্যৰ সংস্কৃতি প্ৰতিফলিত কৰা প্ৰতীকপট বাছনিত উঠাটো ৰাজ্যখনৰ বাবে সন্মান আৰু গৌৰৱৰ বিষয়। 

এইবাৰৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতাকপট পেৰেডৰ বাবে বিবেচিত নোহোৱাটো অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বাবে বিফলতাৰ বাৰ্তা। 

ইয়াৰ বিপৰীতে চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু চিকিমৰ প্ৰতীকপটে উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰিব। অৰুণাচল প্ৰদেশৰ তথ্য আৰু জনসংযোগ বিভাগৰ এক প্ৰেছ বাৰ্তাত প্ৰকাশ যে এই বছৰৰ ৰাজ্যখনৰ প্ৰতীকপটৰ বিষয়বস্তু 'Peace Within'। 

শিল্পী ধ্ৰুৱ ভট্টাচাৰ্যৰ দলে সজাই তুলা এই প্ৰতাকপটটোত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে অনুমোদন জনাইছে।

উল্লেখ্য যে এইবাৰ দেশৰ ৩২ খন ৰাজ্যই প্ৰতীকপট পঠিয়াইছিল যদিও উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিয়ে ১৪ খন ৰাজ্যৰ প্ৰতীকপটহে বাছনি কৰে।​

২০১৭ ৰ গণৰাজ্য দিৱসত অৰুণাচল প্ৰদেশৰ 'য়াক নৃত্য' প্ৰতীকপটে প্ৰথম স্থান দখল কৰিছিল।