ইটানগৰঃ অৰুণাচল প্ৰদেশত দেউৰী, মৰাণ-মটক আদি জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দিয়াক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি এতিয়াও অব্যাহত আছে। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বাসগৃহতো   প্ৰতিবাদকাৰীয়ে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

দেওবাৰে এই পৰিস্থিতি অধিক ভয়ানক হৈ পৰা দেখা যায়। উত্তেজিত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলী চলাবলগীয়া হোৱাত দুজন লোক পুলিচৰ গুলীত নিহত হয় আৰু তিনিজন লোক আহত হয়।

অৰুণাচল প্ৰদেশৰ মুখ্য সচিব সত্য গোপালে কয় যে সম্প্ৰতি নামচাই আৰু চাংলাং জিলাৰ এই জনগোষ্ঠীৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নহ’ব।

ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। পৰিস্থিতি যাতে আৰু অধিক ভয়ানক নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। কেন্দ্ৰই ৰাজ্যখনলৈ আই টি বি পিৰ অতিৰিক্ত ১০ টা কোম্পানী প্ৰেৰণ কৰিছে।

উল্লেখ্য যে যোৱা শুকুৰবাৰৰেপৰা হোৱা হিংসাত প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাহনকে ধৰি ১৫০ খনৰো অধিক বাহন জ্বলাই দিছে বা ক্ষতিসাধন কৰিছে।

বাহুল্য যে এক উচ্চ ক্ষমতাসম্পন্ন যুটীয়া সমিতিয়ে দশক দশক ধৰি অৰুণাচল প্ৰদেশৰ নামচাই আৰু ছাংলাং জিলাত বাস কৰি থকা দেউৰী, সোণোৱাল-কচাৰী, মৰাণ, আদিবাসী আৰু মিচিংসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দিবলৈ মঞ্জুৰি দিয়াৰ পাছতে ৰাজ্যখনৰ দল-সংগঠন ক্ষুব্ধ হৈ পৰে।

যোৱা শনিবাৰে চৰকাৰে এই সন্দৰ্ভত বিধানসভাত বিধেয়ক উত্থাপন কৰাৰ যো-জা চলোৱাত এই ক্ষোভৰ বিস্ফোৰণ ঘটে। অৱশ্যে বিধেেয়কখন উত্থাপন নোহোৱাকৈয়ে বিধানসভা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হয়। প্ৰতিবাদকাৰীয়ে উপ-মুখ্যমন্ত্ৰীৰ ঘৰ জ্বলাই দিবলৈ চেষ্টা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ বাসভৱনো আক্ৰমণৰ লক্ষ্য কৰি লয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাই ইটানগৰত ফ্লেগমাৰ্চ কৰে।