কোকৰাঝাৰঃ বুধবাৰে অসম আৰক্ষীৰ সপ্তম এপিবিএনৰ ৩২ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা পৰিলক্ষিত হয়৷ সপ্তম অসম এপিবিএনৰ প্ৰতিষ্ঠা দিৱস চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়৷ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চৰাইখোলাস্থিত সপ্তম অসমৰ শিবিৰত ব্যাপক উলহ-মালহ আৰু বৰ্ণিল কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী অনুসৰি পতাকা উত্তোলনৰ পিছতে দেশৰ বাবেই নিজৰ অমূল্য জীৱন আহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি বিটিএডিৰ আৰক্ষীৰ মহাপৰিদৰ্শক অনুৰাগ আগৰৱালাই আৰক্ষী জোৱানৰ কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। অনুষ্ঠানতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টিৰ প্ৰদৰ্শনে সকলোকে আপ্লুত কৰে৷

কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিটিএডিৰ আৰক্ষী মহাপৰিদৰ্শক অনুৰাগ আগৰৱালাই অসম আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰাৰ ফলত এনডিএফবি (ছ) দলৰ সক্ৰিয়তা যথেষ্ট দুৰ্বল হৈছে বুলি কয়। ইতিমধ্যে বহুসংখ্যক এনডিএফবিৰ সদস্য আৰক্ষীৰে সংঘৰ্ষত মৃত্যু হৈছে, কিছুমান সদস্যক আটক কৰা হৈছে আৰু একাংশই অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালাই।

ইয়াৰোপৰি বিটিএডিত পৃথকে-পৃথকে সংঘটিত হোৱা বাক্সাৰ বি পি এফ কৰ্মীক গুলীয়াই হত্যা কৰা আৰু কোকৰাঝাৰ পানবাৰীৰ ৰঙামাটিত এজন নিৰ্দোষীক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰা সন্দৰ্ভতো তদন্ত অব্যাহত থকাৰ কথা সদৰি কৰে অনুৰাগ আগৰৱালাই।