দুলীয়াজানঃ ১৯৯৩ চনৰ ৩০ এপ্ৰিলত জন্মলাভ কৰা অসমৰ মফচলীয় সাংবাদিকতাৰ সংগ্ৰামী মঞ্চ অাসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ ডিব্ৰুগড় জিলা সমিতি আৰু দুলীয়াজানৰ সমূহ সাংবাদিকৰ আতিথ্যত দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষৰ শূভাৰম্ভণি অনুষ্ঠান আৰম্ভ হয় ৷

ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা আজিৰ এই দিনজোৰা কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি বৰ্গৰ নাম পঞ্জীয়নেৰে কৰা হয় ৷ তদুপৰি অইল ইণ্ডিয়াৰ ইতিহাসক অধিক ওচৰৰ পৰা জনাৰ নিমিত্তে দুলীয়াজান অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ সহযোগত প্ৰতিনিধি সাংবাদিক সকলক ক্ষেত্ৰ ভ্ৰমণৰ দিহা কৰা হয় ৷

বিয়লি আপকুৰ সভাপতি মনোজ সিঙৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আৰু আপকুৰ জন্মলগ্নৰে পৰা জড়িত ব্যক্তিসকলৰ লগত নৱ- প্ৰজন্মৰ সাংবাদিকৰ স'তে এক অন্তৰংগ আলাপৰো আয়োজন কৰা হয় য'ত সাংবাদিক সকলে বিভিন্ন গীত,কাব্যিক প্ৰতিভা দাঙি ধৰাৰ উপৰিও সাংবাদিকতা জীৱনৰ তিতা- মিঠা অভিজ্ঞতা সমূহ ৰসিকতাৰে ব্যক্ত কৰে৷ 

উল্লেখ্য যে, মফচলীয় সাংবাদিকতাৰ সৈতে জড়িত সকলো ব্যক্তিৰে সুৰক্ষাৰ লগতে সংবাদ মাধ্যমৰ মৰ্যাদা অটুট ৰখাৰ স্বাৰ্থত গুৱাহাটীৰ গৌৰী সদনত জন্মলাভ কৰিছিল এই সংগঠনটোৱে। জন্ম-লগ্নৰে পৰা বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াত উৎসাহিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাংবাদিকসকল। 

শুভাৰম্ভণি অনুষ্ঠানত অসমৰ সংবাদ জগতে ১৭০ বছৰীয়া ইতিহাস গৰকাৰ পাছতো মফচলীয় সাংবাদিক তথা সংবাদকৰ্মী সকল আজিকোপতি সুৰক্ষা আৰু প্ৰাপ্য সা-সুবিধাসমূহৰ পৰা বঞ্চিত হৈ অহাকে আদি কৰি একাধিক গুৰুত্বপূৰ্ণ প্ৰসংগই প্ৰতিজন সদস্যকে উদ্বিগ্ন কৰি তোলে।