নিউজ ডেস্কঃ পশ্চিমীয়া সংস্কৃতিৰ কেতবোৰ ভাললগা পৰম্পৰাই আমাৰ দেশত নিগাজী স্থান পোৱাটো কোনো আচৰিত কথা নহয়। কিয়নো সংস্কৃতি এখন নৈৰ দৰে, প্ৰৱাহমান আৰু পৰিৱৰ্তনশীল। কিন্তু আমি আজি সাহিত্য, সংস্কৃতি আদিৰ কথাৰে আলোচনাৰ পাতনি মেলিব বিচৰা নাই। কিয়নো কাইলৈ এটা বিশেষ দিন। এই দিনটোৰ ভাল-বেয়া নিৰ্ভৰ কৰে আপোনাৰ সতৰ্কতাৰ ওপৰত।

ষষ্ঠ ইন্দ্ৰিয় জাগ্ৰত কৰি ৰাখক। কিয়নো আহি আছে এপ্ৰিল ফুল। যিকোনো সময়তে আপোনাক মূৰ্খ সজোৱা হ'ব পাৰে। এপ্ৰিল ফুল দিৱস বহু দেশত ১ এপ্ৰিলৰ দিনা পালন কৰা হয়। সকলো মূৰ্খৰ দিন (All Fools' Day) বুলিও অভিহিত কৰা এই দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন নহয়। এই দিনটোত মানুহবোৰে উৰাবাতৰি প্ৰচাৰ কৰি আৰু নিৰ্দোষ ধেমালিৰে ইজনে সিজনক মূৰ্খ সজোৱাৰ প্ৰয়াস কৰে।

কিন্তু এই নিৰ্দোষ ধেমালিয়েই কেতিয়াবা আপোনাৰ ক্ষতিও কৰিব পাৰে। সেয়েহে সতৰ্ক থকাৰ প্ৰয়োজন আছে। 

⇒ কি দৰে হাত সাৰি থাকিব এপ্ৰিল ফুলৰ পৰাঃ

♦ শুই উঠিয়েই পোনপটীয়াভাৱে চকুত পৰাকৈ এখন বগা কাগজত  আজি এপ্ৰিলফুল বুলি লিখি আৰি  থব।

♦  এপ্ৰিল ফুল বুলি লিখি এতিয়াই কাইলৈৰ দিনটোত ৩-৪ বাৰ দেখা পোৱাকৈ মোবাইলত ৰিমাইণ্ডাৰ বা এলাৰ্ম দি থব পাৰে। 

♦  হোৱাটচএপ, ফেচবুক আদি বিভিন্ন গ্ৰুপৰ মেচেজবোৰ চাওতে সাৱধান হওক।

♦  কোনো ধৰণৰ অচিনাকি ফোন কলক বিশ্বাস নকৰিব।

♦  আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কোৱা বহু বেছি গুৰুতৰ কথা সহজে বিশ্বাস নকৰিব।

♦  বন্ধুবৰ্গই কোৱা কথাবোৰ বিশ্বাস কৰি লোৱাৰ পূৰ্বে ১০০বাৰ ভাবি চাব।

♦  ম’বাইলৰ ৱালপেপাৰখন এপ্ৰিল ফুল বুলি লিখা থকা ৱালপেপাৰ ৰাখিব পাৰে। এনে ৱালপেপাৰ গুগল ইমেজত সহজেই উপলব্ধ। 

⇒ আমি বাৰু সৰু-সুৰা ধেমালিৰেই এপ্ৰিল ফুল সজাও। কিন্তু সময়ে সময়ে কেতবোৰ ডাঙৰ ধেমালিৰে বহুতে এপ্ৰিল ফুল সজাই আহিছে। আহকচোন এনে কেইটামান বিশ্বখ্যাত এপ্ৰিল ফুলৰ ঘটনাৰ বিষয়ে থোৰতে জানি থওঃ

♦  আগ্নেয়গিৰি উদ্গীৰণেৰে এপ্ৰিল ফুল সজোৱা শুনিছেনে? নাই নিশ্চয়। ১৯৭৪ চনৰ এপ্ৰিল ফুলৰ ঘটনাৰ দিনা এজন লোকে ৭০ টামান টায়াৰ আলাস্কাৰ আগ্নেয়গিৰিৰ কাষত জ্বলাবলৈ আৰম্ভ কৰে। উদ্দেশ্য যাতে সকলোৱে আগ্নেয়গিৰি জাগ্ৰত হোৱা বুলি ভাৱে। তেনেই হ’ল। দুৰৰপৰা টায়াৰৰ ধোৱা দেখি স্থানীয় লোকৰ মাজত হুৱা-দুৱা লাগে। 

♦  আপোনালোকে সকলোৱে ব্যৱহাৰ কৰা জিমেইল ২০০৪ চনৰ ১ এপ্ৰিলত মুকলি কৰা হৈছিল। কিন্তু সকলোৱে সেয়া এপ্ৰিল ফুল বুলিহে ভাবি আছিল।

♦  ২০০২ চনত নাচাই চন্দ্ৰৰ ফটো এখন আপলোড কৰিছিল। কিন্তু সেইখন প্ৰকৃততে চ্চীজৰ ফটোহে আছিল। আনকি ফটোখনত ম্যাদ উকলাৰ তাৰিখো লিখা আছিল। 

ধেমালিয়েহে এই ব্যস্ততাপূৰ্ণ জীৱনত সজীৱতা আনে। কিন্তু এই ধেমালিয়ে যেন সীমা অতিক্ৰম নকৰে। সেয়ে জৰুৰীকালীন সেৱাসমূহ যেনে মেডিকেল, পুলিচ, অগ্নিনিৰ্বাপক বাহিনী এইবোৰৰ লগত ধেমালিৰ প্ৰয়াস নকৰাই ভাল।