গুৱাহাটীঃ বক্ৰ পথেৰে চাকৰি লৈ ২৫ গৰাকীকৈ APS-ACS-এ জেলত থাকিব লগা হোৱাৰ সময়তে এইবাৰ আৰক্ষী সাজু হৈছে ৯গৰাকীকৈ APS-ACSক জেৰা কৰিবলৈ সাজু হৈছে অসম আৰক্ষী৷ ২০১৭ বৰ্ষৰ ৮ নৱেম্বৰৰ পৰা এতিয়ালৈ ২৫গৰাকী APS-ACSক ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ জালত পৰি জেলত সময় অতিবাহিত কৰিব লগা হৈছে৷

০৮ নৱেম্বৰৰ পুৱাৰ পৰা চলা অভিযানত ACS–APSক সকলক আটক কৰাৰ লগতে বিয়াগোম কেলেংকাৰীৰ তদন্ত এতিয়াও চলি আছে৷ নিশামণি ডেকা, ৰাকেশ গুপ্তা, ৰুমী শইকীয়া, ৰাজৰ্ষি ডেকা, সুনয়না আইদেউ, গীতালি দলে, কমল দেৱনাথ, জ্যোতিৰ্ময় অধিকাৰী, দিলীপ কলিতা সহ ২৫গৰাকী জালত পৰে৷ ২০১৫-১৬ বৰ্ষত ৩৮২ গৰাকী ACS-APS সংলগ্ন সেৱাৰ বিষয়া বাছনি কৰিছিল তেতিয়াৰ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালে৷

ইয়াৰে প্ৰায় সংখ্যক বিষয়াক অবৈধ তথা ব্যাপক জালিয়াতিৰে নিৰ্বাচন কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ কৃষক নেতা অখিল গগৈৰ লগতে ৰাজ্যৰ একাংশ দল-সংগঠনে এই তদন্তৰ দাবীত ব্যাপক আন্দোলন গঢ়ি তুলিছিল৷ তাৰ পাছতে এগৰাকী মহিলাৰ জড়িয়তে এই দুৰ্নীতিৰ ৰহস্য ফাদিল হৈছিল৷ প্ৰথম পৰ্যায়ত অসম আৰক্ষীয়ে তদন্ত কৰি তিনিগৰাকী বিষয়াক চিনাক্ত কৰিছিল৷ তাৰ পৰবৰ্ত্তী সময়ত ২৫ গৰাকী বিষয়াক তদন্তৰ আওতাত লয় আৰক্ষীয়ে৷

২৫ গৰাকী ACS-APS পৰীক্ষাৰ উত্তৰ বহী ফৰেনছিক বিজ্ঞানগাৰলৈ প্ৰেৰণ কৰে৷ বিজ্ঞানগাৰৰ পৰা পৰীক্ষাৰ পেপাৰৰ ফলাফল অহাৰ পিছতে সস্তম হৈ পৰিছিল ডিব্ৰুগড় জিলাৰ আৰক্ষীৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখা৷ ০৮ নৱেম্বৰৰ পৰা (মঙলবাৰে) নিশাৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে ২৫ গৰাকী ACS-APSৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷

এইবাৰ অভিযান আৰম্ভ কৰিব ২০১৩ বৰ্ষৰ ACS-APSৰ বিৰুদ্ধে৷ ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ৯গৰাকী ACS-APSক চমন জাৰি কৰিছে৷ ৯গৰাকী ACS-APS-এ বুধবাৰে তথা ০৭ ফেব্ৰুৱাৰীত হাজিৰ হ’ব‍ লাগিব অসম আৰক্ষীৰ কাহিলীপাৰাৰ বিশেষ শাখাত৷ কাহিলীপাৰাৰ বিশেষ শাখাৰ কাৰ্যালয় আৰু ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যেই চমন জাৰি কৰি তদন্ত প্ৰক্ৰিয়া চলাই গৈছে৷

আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়লৈ আহি হস্তাক্ষৰ চিহ্নৰ নমুনা আৰক্ষীৰ সন্মুখত প্ৰদান কৰিব লাগিব৷ তেওলোকক সোধ-পোছো কৰিব আৰক্ষীয়ে৷ ACS অভিশিখা বৰুৱা, ঋতুৰাজ গগৈ, জয়দীপ মহন্ত, APS কৌশিক কলিতা, সত্যজিত্‍ সৰকাৰ, বৰ্ণালী দেৱী, অভিষেক বৰবৰা, সঞ্জন ফুকন, দেৱব্ৰত দে’ক চমন জাৰি কৰে৷