newsnextone.com | গুৱাহাটীঃ ৰাজ্যৰ কেইবাঠাইত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু অসমলৈ অহা তৃণমূলৰ দলটোৰ বিৰুদ্ধে গোচৰ তৰাৰ সময়তে শনিবাৰে অসম পাব্লিক ৱাৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অসমলৈ অহা তৃণমূলৰ সাংসদ-বিধায়কৰ দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। 

শনিবাৰে পুৱা ১১ বজাত অভিজিত শৰ্মাই মহানগৰৰ গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। জানিব পৰা মতে, আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত কৰিব। অভিজিৎ শৰ্মাই মমতাই অসমত অশান্তিৰ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰাৰ লগতে ৰাজনৈতিক মুনাফা লোৱাৰ চেষ্টা কৰা বুলি কয়। 

উল্লেখ্য যে, এনআৰচিৰ সম্পূৰ্ণ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ বিষয়ত সক্ৰিয় ভূমিকা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা তৃণমূল কংগ্ৰেছৰ সাংসদ আৰু বিধায়কৰ এটা প্ৰতিনিধি দল ২ আগষ্টত বৰাক উপত্যকাত উপস্থিত হৈছিল। দলটোৱে একাংশ বঙালী সংগঠনৰ নেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছিল। 

এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰা বিষয়ত বিৰোধিতা কৰি অসমলৈ অহা তৃণমূল কংগ্ৰেছৰ ৬ জন সাংসদ আৰু দুজন বিধায়ক সহ প্ৰতিনিধি দলক শিলচৰত আৰক্ষীয়ে আটক কৰে। দলটোৰ সৈতে দুগৰাকী পশ্চিম বংগৰ এগৰাকী মন্ত্ৰী আৰু এগৰাকী বিধায়কক আটক কৰে অসম আৰক্ষীয়ে।

দলটোৱে বিমান যোগে আহি শিলচৰ বিমানবন্দৰত ভৰি থোৱাৰ পিছতে অসম আৰক্ষীয়ে আটক কৰে। অসম আৰক্ষীয়ে অসমৰ শেহতীয়া পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকাতে আটক কৰা বুলি জানিব পৰা গৈছে। শিলচৰ প্ৰশাসনে  ১৪৪ ধাৰা জাৰি কৰে। সাংসদ আৰু বিধায়কৰ দলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি কৰিব লগা হোৱাৰ লগতে কৰ্তব্যৰত আৰক্ষীৰ গাত হাত দিয়াৰ অভিযোগ উত্থাপন হয়। আনহাতে তৃণমূলৰ দলটোৱে তেওঁলোকক অসম আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

মহিলা আৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগত ৬ সাংসদক আৰু এগৰাকী পশ্চিম বংগ চৰকাৰৰ মন্ত্ৰীক আৰু এগৰাকী বিধায়িকাক আটক কৰিছিল। আৰক্ষীৰ লোকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই তৃণমূলৰ সাংসদ মমতা বালা ঠাকুৰ, সুখেন্দু শেখৰ ৰায়, কাকলি ঘোষ দস্তিদাৰ, ৰত্না দে, নাদিমুল হক আৰু অৰ্পিতা ঘোষ, পশ্চিম বংগৰ মন্ত্ৰী ফিৰহাদ হাকিম আৰু বিধায়িকা মহুৱা মৈত্ৰক আটক কৰিছিল। তাৰ পিছতে তিনি আগষ্টত শিলচৰ বিমান বন্দৰৰ পৰা কলকাতা অভিমুখে পঠিয়াই দিয়া হৈছিল দলটোক।