newsnextone.com | তেজপুৰঃ ধাৰাসাৰ বৰষুণে উত্ত-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যলৈ বানপানী, গৰাখহনীয়া আৰু ভূমিস্খলনৰে ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ কঢ়িয়াই আনিছে। বিশেষকৈ অসম, অৰুণাচল বহু লোক গৃহহীন হৈ পৰাৰ আশংকা কৰা হৈছে।

অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত বাট-পথ বন্ধ হৈ পৰাৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। অসম-অৰুণাচল সীমাত ভুতৰ ওপৰত দানৱ পৰাদি পৰিছে ভূমিস্খলন।

বৃহস্পতিবাৰে নিশা চুবুৰীয়া ৰাজ্য অৰুণাচলত ভূমিস্খলনত ভাৰতীয় সেনাৰ চাউনিৰ বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। পাহাৰৰ দাতিত থকা এটা সেনা চাউনিৰ বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা যায় যদিও কোনো সেনা জোৱান হতাহত হোৱাৰ খবৰ অহা নায়। ভূমিস্খলনৰ ফলত ভাৰতীয় সেনা চাউনিৰ দীৰ্ঘ অংশ খহাই নিয়ে। অৰুণাচল প্ৰদেশৰ চেচাত সংঘটিত হৈছে এই কাণ্ড।

 ভাৰতীয় সেনাৰ ৫নং মাউণ্টেন ডিভিজনৰ সেনাই উদ্ধাৰ অভিযান চলাই বুলি জনিব পৰা যায়। অৰুণাচল টেঙাস্থিত  সেনাৰ ৫নং মাউণ্টেন ডিভিজনৰ শিবিৰে উদ্ধাৰ অভিযান চলাই। আনহাতে নেৰা-নেপেৰা বৰষুণৰ ফলত ভালুকপুং-বমডিলা সংযোগী পথ বিধস্ত হৈ পৰা জানিব পৰা যায়।