কোকৰাঝাৰঃ গ্ৰাম্য অঞ্চলৰ লোকৰ সুবিধাৰ্থে ভৰতীয় সেনাই কোকৰাঝাৰত নিৰ্মাণ কৰা বজাৰ গৃহ দেওবাৰে ৰাইজৰ বাবে মুকলি কৰা হয়৷ কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ শৰাইবিলত সেনাবাহিনীৰ তৃতীয় ৰাজপুত ৰেজমেণ্টে অপাৰেচন সদ্ভাৱনাৰ অধীনত নিৰ্মাণ কৰি উলিওৱা বজাৰগৃটো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীয়ে৷

অপাৰেচন সদ্ভাৱনাৰ অধীনত নিৰ্মাণ কৰি উলিওৱা বজাৰগৃহ মুকলি কৰি ভাৰতীয় সেনাবাহিনীৰ এনে জনমুখী কাৰ্যক প্ৰশংসা কৰি সেনা আৰু বিটিচিৰ যৌথ উদ্যোগত "বিটিচি মহিলা গুডউহল ফুটবল প্ৰতিযোগিতা" আৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰে বৰগয়াৰীয়ে৷

আনহাতে তৃতীয় ৰাজপুত ৰেজিমেণ্টৰ ব্ৰিগেডিয়াৰ গগন দ্বীপে সাহস অৱিহনে কৰ্ম সিদ্ধি নহয় বুলি উল্লেখ কৰি জীৱনত আগবাঢ়ি যাবলৈ হলে সাহসৰ প্ৰয়োজন বুলি মন্তব্য আগবঢ়ায়। ইপিনে বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে উক্ত অনুষ্ঠানতে বিটিচিৰ শিক্ষাখণ্ডৰ কেতবোৰ জনমুখী আঁচনিৰ কথা সদৰি কৰে।

খাম্ফা বৰগয়াৰীয়ে সদৰি কৰা মতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্ৰাপ্ত বিটিএডি এলেকাৰ ছাত্ৰ-ছাত্ৰীসকলক বিটিচিয়ে ২ লাখ, আআইটিত নামভৰ্তিৰ সুযোগ পোৱাসকলক দুইলাখ, পিএইচডিৰ ক্ষেত্ৰত এক লাখ, এনআইটিত নামভৰ্তিত একলাখ টকা বিটিচি চৰকাৰৰ তৰফৰ পৰা দি অহা হৈছে আৰু ইউপিএচচিৰ কোচিংৰ বাবে প্ৰতিবছৰে ২৫ জনকৈ ছাত্ৰ-ছাত্ৰীক নতুন দিল্লীলৈ প্ৰেৰণ কৰা হয় যত বিটিচিয়ে প্ৰতি গৰাকী শিক্ষাৰ্থীৰ বাবদ দুইলাখ কৈ ধাৰ্য কৰে বুলি কয়।

তদুপৰি পঞ্চম শ্ৰেণীৰ বৃত্তিমুলক পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰি বৃত্তি পৰীক্ষাত সফলতা লাভ কৰা ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীক ১৫ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱাও হ’ব বুলি বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীয়ে ঘোষণা কৰে।