newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰতিদিনে সেনা আৰক্ষীৰ সৈতে জম্মু কাশ্মীৰৰ যুৱকৰ সংঘৰ্ষ অব্যাহত আছে৷ সেয়া সন্ত্ৰাসবাদীয়ে হওক নতুবা সাধাৰণ যুৱকেই হওক৷ একাংশ যুৱকে হাতত অস্ত্ৰ লৈ সেনা আৰক্ষীৰ বিৰুদ্ধে যুঁজ চলাই যোৱাৰ লগতে আন একাংশই হাতত শিলগুটি লৈ ৰাজপথত সেনা-আৰক্ষীক লক্ষ্য কৰি লয়৷ জম্মু কাশ্মীৰ এতিয়া অশান্ত৷ 

সেনাৰ তহল আৰু সন্ত্ৰাসবাদীক দমন কৰাৰ নামত আতংকিত জনসাধাৰণ৷ তাৰ মাজতে দেশৰ মুখ্য সেনাধ্যক্ষ বিপিন ৰাৱাটে কাশ্মীৰৰ যুৱকসকলে হাতত অস্ত্ৰ তুলি লোৱাৰ ঘটনাক লৈ চিন্তা জাহিৰ কৰে৷ বিপিনে ৰাৱাটে ক্ষোভ ব্যক্ত কৰি কয় তোমালোকে বুজাৰ প্ৰয়োজন যে, সেনাৰ সৈতে যুদ্ধ কৰি স্বাধীনতা কেতিয়াও নোপোৱা৷ 

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত সাক্ষাতত মুখ্য সেনাক্ষ্যই কয় ‘‘মই কাশ্মীৰৰ যুৱকক কব খুজিছো স্বাধীনত সম্ভৱ নহয়৷ এয়া বিনাকাৰণত মৃত্যু বিচৰাৰ দৰে হৈছে৷ আমি সদায় যুঁজ কৰি যাম সেই সকলৰ বিৰুদ্ধে যিসকলে স্বাধীনতা বিচাৰি আমাৰ সৈতে যুঁজ দি গৈছে৷ এয়া কেতিয়াও সম্ভৱ নহয়৷ বিপথে যোৱা সকলৰ বাবে মই চিন্তিত৷ যিসকলে স্বাধীনতাৰ বাবে অস্ত্ৰ হাতত লৈছে৷

তেওঁ আৰু কয় যে সংঘৰ্ষত মৃত্যু হোৱা সন্ত্ৰাসবাদীৰ সংখ্যাক লৈ চিন্তিত নহয়৷ তেওঁ কয় ‘‘মোৰ মতে সংখ্যা গুৰুত্বহীন৷ কিয়নো প্ৰক্ৰিয়া অব্যাহত থাকিব৷ সন্ত্ৰাসবাদী দলৰ সৈতে নিতৌ মানুহ ভৰ্তি হৈ আছে৷ মই এই কথাকে গুৰুত্ব দি কম যে এই সকলো বোৰ নিৰৰ্থক৷ ইয়াৰ দ্বাৰা একো নাপাবা৷ সেনাৰ সৈতে যুঁজ দিব নোৱাৰিবা৷

কিন্তু সাধাৰণ নাগৰিকৰ মৃত্যুক লৈ মই চিন্তিত৷ তেওঁ সাক্ষাতকাৰত আৰু কয় ‘‘সাধাৰণ মানুহৰ মৃত্যু হলে ভাল নালাগে৷ আমি তেওঁলোকৰ বিৰুদ্ধে যুঁজিব বিচাৰিলে শক্তিৰে যুঁজিব পাৰো৷ কাশ্মীৰিয়ে বুজিব লাগে নিৰাপত্তাৰক্ষী নিষ্ঠুৰ নহয়৷ ছিৰিয়া-পাকিস্তানত চৰমপন্থীৰ বিৰুদ্ধে ফাইটাৰ প্লেন, টেংক ব্যৱহাৰ কৰিছে৷ আমাৰ সেনাই সম্পূৰ্ণ চেষ্টা কৰি গৈছে নাগৰিকৰ যাতে প্ৰাণ নাযায়৷’’ মই জানো যুৱকসকল খঙাল হৈ আছে৷ নিৰাপত্তাৰক্ষীক শিলাবৰ্ষণ কৰাটো উচিত নহয়৷

আমাৰ অভিযান বন্ধ কৰিবলৈ ইমান মানুহ পথলৈ কিয় আহি আহিছে সেই কথা বুজি নাপাও৷ তেওঁলোকক কোনে উচতনি দিয়ে৷ তেওঁলোকে যদি বিচাৰে সন্ত্ৰাসবাদী নমৰক তেন্তে তেওঁলোকক অস্ত্ৰ এৰিবলৈ দিয়ক৷ যদি কোনোবাই কয় তেওঁক আমি লৈ আহিম তেন্তে আমি অভিযান সমাপ্ত কৰিম৷ আমাৰ অভিযান বন্ধ কৰিবলৈ কব নালাগে আৰু সন্ত্ৰাসবাদীক পলায়ন কৰিবলৈ সহায় নকৰক৷