ৰঙিয়াঃ অসম সন্তান ৰাণা প্ৰতাপ কলিতাই সেনাৰ অতি বিশিষ্ট মেডেল লাভ কৰাত জন্মস্থান কামৰূপৰ ৰঙিয়াৰ ৰাইজ গৌৰৱান্বিত হৈ পৰে৷ যোৱা ২৬ জানুৱাৰীত তথা গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত জম্মু-কাশ্মীৰত কৰ্মৰত ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল ৰাণা প্ৰতাপ কলিতাক এই সন্মান প্ৰদান কৰে৷ সেনাৰ অন্যতম সন্মান অতি বিশিষ্ট সেৱা মেডেল আগবঢ়োৱাত জন্মস্থান ৰঙিয়াত ৰাইজ গৌৰৱ অনুভৱ কৰে৷

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰয়াত অধ্যক্ষ যোগেন কলিতা আৰু ৰেণু কলিতাৰ দ্বিতীয় পুত্ৰ ৰাণা প্ৰতাপ কলিতাই ৰঙিয়া চহৰৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে৷ পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পিছত তেওঁ গোৱালপাৰাৰ সৈনিক স্কুলত নাম ভৰ্তি কৰে আৰু তাৰ পৰা মেট্ৰিক পাছ কৰি ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীত যোগদান কৰে৷

মেধাৱী ৰাণা প্ৰতাপ কলিতাই ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ১৯৮৪ চনত ভাৰতীয় সেনাৰ কুমাও ৰেজিমেন্টত সেনা বিষয়াৰূপে যোগদান কৰে৷ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অংশ হিচাপে ১৯৯৯ চনত তেওঁ আফ্ৰিকাৰ চিয়েৰালিয়েন আৰু ২০০৯ চনত ছুডানত সুখ্যাতিৰে সেৱা আগবঢ়ায়৷ এই সময়চোৱাতে তেওঁ ভাৰতীয় সেনাৰ এগৰাকী অতি দক্ষতা সম্পন্ন বিষয়াৰূপে চৰ্চা লাভ কৰে৷ যাৰ ফলত বিশিষ্ট সেৱা মেডেল লাভ কৰিবলৈ সমৰ্থ হয়৷

১৯৮৮-৮৯ চনত ভাৰত চৰকাৰে শ্ৰীলংকালৈ সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধৰ বাবে প্ৰেৰণ কৰা ইণ্ডিয়ান পীচ কিপিং ফ’ৰ্চৰো অন্যতম কাণ্ডাৰী আছিল ৰঙিয়াৰ সন্তান ৰাণা প্ৰতাপ কলিতা৷ মূলতঃ কাশ্মীৰৰ বাৰামুল্লাত নিয়ন্ত্ৰণ ৰেখাত সেনাৰ জি অ’ চিৰূপে কৰ্মৰত হৈ থকাৰ সময়ত পাকিস্থানী অনুপ্ৰৱেশ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিশেষ ভূমিকা পালন কৰিছিল৷ সম্প্ৰতি বাৰামুল্লাৰ নিয়ন্ত্ৰণ ৰেখাত সাহস আৰু কৰ্তব্যনিষ্ঠাৰ বাবে সেনাৰ এই সন্মান লাভ কৰিবলৈ সক্ষম হয়৷

১৯৯১-৯২ বৰ্ষত অপাৰেছন বজৰং আৰু অপাৰেছন ৰাইনোৰ সময়ত তেওঁ অসমৰ লখিমপুৰৰ সেনা ছাউনীত কৰ্মৰত আছিল৷ প্ৰণিধানযোগ্য যে মেজৰ জেনেৰেলগৰাকীৰ পুত্ৰ নিশান্ত কলিতায়ো অলপতে ভাৰতীয় সেনাত বিষয়াৰূপে যোগদান কৰে৷ ৰঙিয়াৰ সকলোৰে আদৰৰ প্ৰয়াত যোগেন কলিতাৰ পুত্ৰৰ এই সাফল্যই ৰঙিয়াৰ প্ৰতিজন নাগৰিকে গৌৰৱান্বিত কৰে৷ ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতি, ৰঙিয়া জ্যেষ্ঠ নাগৰিক সন্মিলন, ৰঙিয়া আলোচনী সভা, স্বৰগোষ্ঠী, পূৱ ৰঙিয়া প্ৰগতি সংঘ, ৰঙিয়া প্ৰেছ ক্লাৱকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাণা প্ৰতাপ কলিতাক শুভেচ্ছা জ্ঞাপন কৰে৷