photo by NNO Kakopathar
photo by NNO Kakopathar

ডিজিটেল ডেস্কঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক আমগুৰি গাঁৱত মঙলবাৰে সেনাৰ গুলীত নিহত যুৱকজনক আজি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত পৰিয়ালৰ লোকে চিনাক্ত কৰে৷ কালি সেনাৰে হোৱা সংঘৰ্ষত নিহত যুৱকজনক সেনা বাহিনীয়ে আলফা স্বাধীনৰ সদস্য বুলি দাবী কৰিছিল যদিও যুৱকজন প্ৰকৃততে আলফা স্বাধীনৰ সদস্য নাছিল বুলি আজি স্পষ্ট হৈ পৰে৷

নিহত যুৱকজনৰ পৰা উদ্ধাৰ কৰা চালকৰ অনুজ্ঞা পত্ৰৰ ভিত্তিত যোৰহাটৰ পুলিন দত্ত বুলি চিনাক্ত কৰা হৈছিল যদিও প্ৰকৃততে যোৰহাটৰ পুলিন দত্ত বৰ্তমানেও গাডড়ী চালক হিচাপে জীৱন নিৰ্বাহ কৰি আছে বুলি জানিব পৰা গৈছে৷

পৰিয়ালৰ লোকে চিনাক্ত কৰাৰ পিছতে কালিৰ সংঘৰ্ষত নিহত যুৱকজন ডিব্ৰুগড় জিলাৰ নামৰূপৰ ৰেঙণিবাম গাঁৱৰ ৰঞ্জিত গগৈ বুলি আজি নিশ্চিত হয় আৰক্ষী৷ ৰঞ্জিত গগৈ নামৰ এই যুৱকজন দুৰ্ধৰ্ষ ডকাইত বুলি জানিবলৈ দিছে আৰক্ষীয়ে৷ ৰঞ্জিত গগৈক বিগত কেবা বছৰ ধৰি অসম তথা অৰুণাচলৰ আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ একাধিকবাৰ অভিযান চলাই ব্যৰ্থ হৈছিল বুলিও জানিব পৰা গৈছে৷

ৰঞ্জিতে যোৰহাটৰ গাড়ী চালক পুলিন দত্তৰ এখন গাড়ী যোৱা ২০১৫ চনত চুৰি কৰি অনাৰ উপৰিও ২০১৪ চনত শিৱসাগৰৰ বৃন্দাবন হোটেলৰ পৰা দুজন বৈজ্ঞানিকক অপহৰণ কৰি ধন দাবী কৰা ঘটনাৰ সৈতেও জড়িত আছিল৷ আনকি অৰুণাচল প্ৰদেশৰ এজন গাঁওবুঢ়াক হত্যা কৰাৰ অপৰাধত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেজু কাৰাগাৰত ৰাখিছিল যদিও তাৰ পৰা পলায়ন কৰি যোৱা দুবছৰ ধৰি আত্মগোপন কৰি আছিল৷ নামৰূপ আৰক্ষী থানাতো নিহত ৰঞ্জিত গগৈৰ বিৰুদ্ধে ডকাইতিকে আদি কৰি একাধিক গোচৰ ৰুজু হৈ আছে বুলি জানিব পৰা গৈছে৷ 

আৰক্ষীৰ সূত্ৰই আজি সদৰী কৰা মতে মঙলবাৰে সোণজান গাঁৱৰ পৰা যাত্ৰীবাহী এখন মেজিকেৰেে কাকপথাৰ অভিমুখে আহি থকা অৱস্থাতে সেনা বাহিনীৰ তালাচীৰ সন্মুখীন হয় যুৱকজন৷ সেনাৰ তালাচীৰ পৰা হাত সাৰিবলৈ চেষ্টা চলাওতেই সেনাই খেদি যোৱাত ৰঞ্জিতে সেনালৈ লক্ষ্য কৰি গুলী চালনা কৰে৷ লগে লগে সেনায়ো গুলীৰে প্ৰত্যুত্তৰ দিয়াত থিতাতে নিহত হয় যুৱকজন৷

উল্লেখ্য যে ২০১৫ চনত ডিমাপুৰলৈ যোৱা অৱস্থাত পুলিন দত্ত নামৰ গাড়ী চালক এজনৰ পৰা নিচাযুক্ত দ্ৰব্য খুৱাই গাড়ীখনৰ লগতে অনুজ্ঞাপত্ৰখনো চুৰি কৰি আনিছিল দুৰ্ধৰ্ষ ৰঞ্জিতে৷ উক্ত অনুজ্ঞাপত্ৰখনতে নিজৰ ফটো লগাই নিজকে পুলিন দত্ত হিচাপে চিনাকি দি আৰক্ষীৰ চকুত ধূলি দি নিৰ্বিঘ্নে ঘূৰি ফুৰিছিল ৰঞ্জিতে৷ উক্ত অনুজ্ঞাপত্ৰখনৰ বাবেই কালি চিনাক্তকৰণত ভুল হয় বুলি জানিবলৈ দিছে সেনা-আৰক্ষীয়ে৷ (NNO কাকপথাৰৰ সৌজন্যত)