ডিজিটেল ডেস্কঃ কাশ্মীৰৰ উত্তৰাঞ্চলৰ বাৰামুল্লা জিলাত অৱস্থিত সেনাৰ চিগনেল চেণ্টাৰত আজি পুৱাৰ ভাগত সংঘটিত হোৱা এক অগ্নিকাণ্ডত গুৰুতৰ ক্ষতিসাধন হোৱা বুলি জানিবপৰা গৈছে৷

বাৰামুল্লাত ১৯ ইনফেন্ট্ৰি ডিউৰ চিগনেল চেণ্টাৰটোত হঠাতে লগা জুই নুমুৱাবলৈ সেনাৰ অগ্নিনিৰ্বাপক শাখাৰ তিনিটা গোট ততালিকে মোতায়েন কৰা হয়৷ গোটকেইটাই অসামৰিক অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়৷  

ঘটনাত কোনোধৰণৰ হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই৷ কিন্তু সমলৰ গুৰুতৰ ক্ষতিসাধন হোৱা বুলি সেনাৰ সূত্ৰই জানিবলৈ দিছে৷