বোকাজানঃ ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পূৰ্বৰে পৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাৰ প্ৰতিনিধি সকলে দিয়া প্ৰতিশ্ৰুতিসমূহ বৰ্তমানেও প্ৰতিশ্ৰুতি হৈয়ে ৰৈছে ৷ সকলোবোৰ যেন ফুটুকাৰ ফেন ৷ বিভিন্ন আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে মন্ত্ৰী-বিধায়ক সকলে বহুবল্কী ভাষণৰ ফুলজাৰিৰে সাধাৰণ জনতাক মোহাচন্ন কৰি ৰাখিছে বৰ্তমানেও ৷ পূৰণ কৰিব পৰা কোনোধৰণৰ সমস্যা ৷ বৰং বাঢ়িহে আহিছে জীৱকূলৰ লগতে প্ৰকৃতিৰ ধ্বংসযজ্ঞ ৷

অসমৰ বনমন্ত্ৰী গৰাকীয়েও প্ৰতিৰোধ কৰিব পৰা নাই বনজ সম্পদ ধ্বংস হৈ অহাৰ কোনো ধৰণৰ সমস্যা ৷ দিনে দিনে বৃদ্ধি পায় আহিছে চোৰাং চিকাৰীৰ দপদপনি,অবৈধ কাঠ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা ৷ অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত চলি আছে চোৰাং ব্যৱসায়ীৰ কাঠৰ ব্যৱসায় ৷

জানিব পৰা মতে,  বোকাজান আৰক্ষীয়ে আজি পুৱতি নিশা গোপন সূত্ৰ পম খেদি অভিযান চলাই এখন চোৰাং চেগুন কাঠভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ, ডিমাপুৰৰ পৰা বিহাৰৰ তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে চোৰাং কাঠভৰ্তি জিটি-২৬টি-৪৬৭৯ নম্বৰৰ ট্ৰাকখন।

উক্ত ট্ৰাকখন বিহাৰৰ তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত বোকাজানৰ এটা পেট্ৰল পাম্পত ৰখাই থোৱা অৱস্থাত বোকাজান আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে ৷ ট্ৰাকখনৰ চালক অংকিত কুমাৰ আৰু হেণ্ডিমেন সুনিল কুমাৰক ঘটনা সংক্ৰান্তত আটক কৰে আৰক্ষীয়ে।

জব্দ কৰা মূল্যবান চেগুন কাঠখিনিৰ বজাৰমূল্য প্রায় দহ লক্ষাধিক টকা বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। আটকাধীন চালক হেণ্ডিমেনক বোকাজান আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷