গুৱাহাটীঃ সমাজ খনৰ পৰা ক্ৰমান্বয়ে হেৰাই যাব ধৰিছে বন্ধুত্ব, ভালপোৱা, মৰম, মানৱীয়তা৷ এতিয়া সমাজ খনত এক অবিশ্বাসৰ পৰিৱেশে বিৰাজ কৰে৷ প্ৰতিদিনে হত্যা, হিংসা, ধৰ্ষণ, অপহৰণৰ ঘটনাই অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে৷ অবিশ্বাস, অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি সমাজ খন ককবকাব লগা হৈছে৷

মানৱ জাতিৰ আদিম অৱস্থাৰ কথা কৈ সেই অৱস্থালৈ ঘুৰি বান্দৰৰ পৰা মানৱ সমাজ উৎপত্তি হোৱা বুলি ধৰি লোৱা হয়৷ বান্দৰৰ পৰা মানুহ আজি তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত উচ্চ শিখৰত উঠা বুলি কোৱা হয়৷

কিন্তু মানৱ জাতিয়ে পৰিৱৰ্তন হৈ উন্নয়নৰ জখলা বগোৱাৰ পাছতো একাংশ লোকে অস্ত্ৰৰ ঝনঝননি, মৰা-কটা কৰি এক অশান্তিৰ পৰিৱেশ বিৰাজ কৰাত ব্যস্ত হৈ থাকে৷ সমাজত অশান্তি সৃষ্টিৰ মূলতেই একাংশ মানৱ৷ এনে অশান্তি নাশৰ বাবে আৰু সমাজত শান্তিৰ হকে বিভিন্ন লোকে বিভিন্ন ধৰণে কাম কৰি গৈছে৷

সমাজ খনলৈ শান্তি উভতাই অনাৰ বাবে কাম কৰা এগৰাকী লোক হৈছে বালি শিল্পী দিগন্ত মাধৱ গোস্বামী৷ বালি শিল্প অংকন কৰি প্ৰগতিৰে নতুন ধাৰাৰে সকলোৰে মনত হাঁহি বিৰিঙাব খোজে পূৰ্ণশিল্পম নামৰ অনুষ্ঠানৰ সৈতে জৰিত শিল্পীগৰাকীয়ে৷

শিৱসাগৰত দেশী-বিদেশী পৰ্যটক, হাজাৰ হাজাৰ ভক্তক মুহি দিগন্ত মাধৱ গোস্বামীৰ বালি শিল্পই৷ শিৱসাগৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোত্সৱত বালি শিল্প প্ৰদৰ্শন কৰে সমাজত শান্তি-সম্প্ৰীতিৰ৷ শিল্পকলা সংস্কৃতিয়ে পৰিৱর্তন কৰাত সহায় কৰে। সংস্কৃতিয়ে অভ্যন্তৰীণ সৃজনশীল প্ৰতিভাক বিকাশত সহায় কৰে আৰু মানুহক ন’ ন’ চিন্তা কৰাত সহায় কৰে।

শিল্পকলা বুলি কলে প্ৰধানকৈ কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ আদিয়ে মানুহক পৰিৱৰ্তন সাধন কৰে৷

এই বাৰ্তা লৈ বৃহস্পতিবাৰে শিৱসাগৰত উপস্থিত হয় দিগন্ত মাধৱ গোস্বামীয়ে বালি শিল্প প্ৰদৰ্শ কৰে৷ আমাৰ ৰাজ্য অসম খনো চিত্ৰকলা আৰু শিল্পকলাৰ ভৰাল স্বৰূপ৷ অসমৰ বহু যুৱকে বিভিন্ন দিশত প্রতিভা বিকাশ কৰিছে ইতিমধ্যেই৷ জাদু প্ৰদৰ্শন, বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকসংগীত, নাট আৰু থিয়েটাৰ, মূকাভিনয়, কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ কৰি প্ৰতিভা প্ৰকাশ কৰা দেখা যায়৷

চিত্ৰকলাৰ জৰিয়তে এখন সমাজৰ পৰিৱৰ্তন কৰিবলৈ তথা শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ কচৰৎ কৰিব পৰাটো এক বৃহৎ উপলদ্ধি বুলি কয় গোস্বামীয়ে৷  যিগৰাকীয়ে এই কৰ্মত অহৰহ ব্ৰতী থাকি বাস্তৱক সংৰক্ষণ কৰিবলৈ চেষ্টা কৰাৰ লগতে চিত্রকর্মৰ জৰিয়তে বাসত্ৱক অংকণ কৰি সমাজৰ বিভিন্ন দিশ ফুটাই তুলি সমাজত শান্তি অহাৰ কামনা কৰে৷