ফটোঃ নছিউৰ ৰহমান
ফটোঃ নছিউৰ ৰহমান

ৰঙিয়াঃ অসমত শিল্পীয়ে প্ৰাপ্য মৰ্যাদা পায়নে? আদৰৰ তথা জনপ্ৰিয় শিল্পীৰ দুৰ্দশাৰ সময়ত চৰকাৰ কিম্বা দল-সংগঠনে প্ৰয়োজনীয় সহায় আগবঢ়ায়নে?

একালৰ সুৰদেৱী আৰু ভাগ্যদেৱী থিয়েটাৰত বাঁহী বজাই দৰ্শকৰ মন মোহা এগৰাকী শিল্পীৰ দুৰ্দশাই স্পষ্ট কৰি তুলিছে অসমৰ শিল্পীৰ প্ৰকৃত ছবিখন।

শাৰীৰিক অসুস্থতাৰ বাবে ঘৰ এৰিবলৈ বাধ্য হৈ পৰিছে থিয়েটাৰৰ বাঁহীবাদক নলবাৰীৰ সতীশ চক্ৰৱৰ্তী৷ চৰকাৰ, দল-সংগঠনে খবৰ নোলোৱাৰ লগতে নিজ পুত্ৰ আৰু দুই কন্যায়ো এলাগী কৰিছে ভ্ৰাম্যমাণৰ এই শিল্পীগৰাকীক।

চিকিৎসাৰ অভাৱত বাঁহীবাদক সতীশ চক্ৰৱৰ্তী এতিয়া অসহায়। নিজ গৃহৰ পৰা ওলাই আহি এতিয়া ৰঙিয়া ৰে’ল ষ্টেচনত দীৰ্ঘদিন ধৰি আশ্ৰয় লৈ আছে এসময়ৰ ভ্ৰাম্যমাণৰ বাঁহীবাদকগৰাকীয়ে।

মাজে-সময়ে কোনো মানৱদৰদী লোকে দুমুঠি খাবলৈ দিয়ে শিল্পীগৰাকীক। চিকিৎসাৰ অভাৱ, পেটৰ ক্ষুধাত এতিয়া এনেদৰে অসহায়ভাৱে এক দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে শিল্পীগৰাকীয়ে।