কাজিৰঙাঃ কহঁৰা চাৰিআলিত ৰং তুলিকাৰে চিলাপথাৰ কাণ্ডৰ প্ৰতিবাদত কৰে চিত্ৰশিল্পী সমাজে। 'বাটৰ কেনভাচ' নামৰ অনুষ্ঠানেৰে আয়োজন কৰা চিত্র অনুষ্ঠানত অংশ ললে বিশিষ্ট চিত্রশিল্পী ননী বৰপুজাৰী, প্ৰদীপ নাথ, পৰেশ ভূঞা, নিবিড় অনুৰাগ মানসৰ লগতে বিশেষভাৱে সক্ষম অজিত হালৈয়ে।

বিশেষভাৱে সক্ষম অজিত হালৈয়ে ভৰিৰে ছবি অংকন কৰা দৃশ্যই অনুষ্ঠানত সকলোকে আকৃষ্ট কৰে৷ অনুষ্ঠানত অজিত হালৈৰ লগতে প্ৰদীপ নাথ, পৰেশ ভূঞা আৰু নিবিড় অনুৰাগ মানসক বিশেষভাবে সম্বর্ধনা জনোৱা হয়।

আনহাতে চিলাপথাৰ কাণ্ডই অসমত অবান্ত কাণ্ড ঘটাৰ সময়তে বেলজিয়ামত পৰ্যটকে কামনা কৰে অসমৰ শান্তিৰ বাতাবৰণ। অনুষ্ঠানত 'যাত্ৰা' নামৰ এখন মুখপত্ৰও উন্মোচন কৰা হয়।