photo by NNO Silapathar
photo by NNO Silapathar

চিলাপথাৰঃ ব্যাপক জুৱা আৰু সুৰাৰ প্ৰচলনে কলুষিত কৰিলে ঐতিহাসিক মালিনী মেলা। সাত দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মালিনী মেলাত নাই পূজাৰ নাম গোন্ধ। এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ সচেতন লোকে।

উত্থাপিত অভিযোগ অনুযায়ী বাসন্তী পূজা উপলক্ষে চিলাপথাৰৰ সমীপৱৰ্তী লিকাবালিত সাতদিনীয়া কাৰ্যসূচীৰে আয়োজিত মালিনী মেলা এতিয়া একাংশৰ বাবে হৈ পৰিছে ধন ঘটাৰ উৎসৱ। নামমাত্ৰ মনোৰঞ্জনৰ ব্যৱস্থাৰ বিপৰীতে আয়োজক কমিটিৰ চকুৰ সমুখতে সমগ্ৰ মেলাখন একপ্ৰকাৰ জুৱাথলীত পৰিণত হোৱা দেখা গৈছে।

একেদৰে মেলাৰ চতুৰ্দিশে মদৰ পয়োভৰ ঘটাৰো অভিযোগ উত্থাপিত হৈছে। পানীৰ দোকানৰ অচিলা লৈ মেলাত বহু ব্যৱসায়ীয়ে সুৰা বিক্ৰী কৰি থকা বুলিও অভিযোগ উত্থাপন কৰিছে সচেতন মহলে। 

এনেদৰে পূজা বুলিলে যি আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব লাগে তাৰ সম্পূৰ্ণ এখন বিপৰীত ছবি প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰিছে সচেতন মহল। ইফালে মেলাৰ নামত কৰা অসামাজিক কাৰ্যকলাপসমূহ ফাদিল হোৱাৰ আশংকাতেই সাংবাদিকক ফটো লোৱাটো বাধা আৰোপ কৰিছে আয়োজক কমিটিয়ে। 

কেমেৰা লৈ প্ৰৱেশ কৰা দেখিলেই এহেজাৰ টকা জৰিমনা লোৱাৰো আচৰিত ব্যৱস্থা কৰিছে প্ৰশাসনে। কাৰ পাৰ্কিঙৰ নামতো দৰ্শনাৰ্থীৰ পৰা ১০০-৩০০ টকা পৰ্যন্ত সংগ্ৰহ কৰিছে আয়োজক কমিটিয়ে।

কেৱল ইমানেই নহয় অসমৰ ভূমিত অসমৰ লোককে উপেক্ষা কৰি আয়োজিত মেলাৰ জুৱা-সুৰাৰ আড্ডাত অসম আৰক্ষীৰ পৰিৱৰ্তে ২৪ ঘণ্টাই পহৰা দি এনে অসামাজিক কাৰ্যত সহযোগিতা আগবঢ়াই গৈছে সশস্ত্ৰ অৰুনাচলী আৰক্ষীয়ে। অসমৰ ভূমিত সশস্ত্ৰ অৰুণাচলী আৰক্ষীয়ে এইদৰে পহৰা দি থকাতো প্ৰত্যক্ষ কৰি হতচকিত হৈ পৰিছে অঞ্চলবাসী।