newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম দিল্লীত এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে হিন্দী কথাছবিৰ কাহিনীৰ দৰেই আৰক্ষী থানাৰ ভিতৰত আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দিল্লীৰ তিলক বিহাৰ আৰক্ষী চকীত কিশোৰীগৰাকীয়ে আত্মহত্যা কৰে৷ 

জানিব পৰা মতে, কিশোৰীগৰাকীয়ে চুবুৰীয়া এগৰাকী যুৱকৰ সৈতে ভাল বন্ধুত্ব আছিল৷ কিন্তু পৰিয়ালে এই বন্ধুত্বক স্বীকাৰ কৰা নাছিল৷ পৰিয়ালে কিশোৰীক নিৰ্যাতন চলাই আহিছিল৷ শনিবাৰে কিশোৰীগৰাকী ঘৰৰ পৰা নোহোৱা হয়৷ কিশোৰীগৰাকী ঘৰত নথকাত ভাতৃয়ে যুৱকজনৰ ঘৰলৈ বিচাৰি যায় কিশোৰীক৷ তাৰ পিছতে কিশোৰীক যুৱকজনৰ পৰিয়ালে আৱদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে৷ এই ঘটনাৰ ফলত দুয়োটা পৰিয়ালৰ মাজত কাজিয়া লাগে আৰু কেইবাগৰাকী লোক আহত হয়৷ 

শনিবাৰে দিনৰ ১ বাজি ৩০ মিনিটত আৰক্ষী থানালৈ আহে কিশোৰীগৰাকী৷ কিশোৰীয়ে পৰিয়ালৰ সৈতে প্ৰাণৰ ভয়ত ঘৰলৈ যাবলৈ ৰাজি নহয়৷ ফলত পৰিয়ালে থানাৰ ভিতৰতে কিশোৰীক ধমক দিয়ে৷ আৰক্ষীয়ে অৱশেষত কিশোৰীক নাৰী নিকেতন প্ৰেৰণ কৰিবলৈ সাজু হয়৷

ইয়াৰ মাজতে যুৱকৰ পৰিয়ালৰ এজক লোকক পুনৰ কিশোৰীৰ পৰিয়ালে মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে আৰক্ষী থানাৰ ভিতৰতে প্ৰায় ৩০ গৰাকী লোকৰ কাজিয়া লাগে৷ কিন্তু আৰক্ষীয়ে সকলো চাই আছিল আৰু কাজিয়া ৰোধ কৰিবলৈ চেষ্টা কৰা নাছিল৷ 

দুয়োটা পৰিয়ালে কাজিয়া কৰি থকাৰ সময়তে তথা ইজনে-সিজনক মাৰধৰ কৰি থকাৰ সময়তে আৰক্ষী থানাৰ এটা কোঠাত কিশোৰীয়ে প্ৰৱেশ কৰি দুৱাৰ বন্ধ কৰে আৰু চিপ লৈ আত্মহত্যা কৰে৷ ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে৷ দিল্লীৰ তিলক বিহাৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক প্ৰৱেশ কৌশিক, মহিলা কনিষ্টবল মনমোহন কৌৰক শাস্তিমূলক বদলি কৰা হয়৷