পাঞ্জাবাৰীঃ অসম কুংফু সন্থাৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ ভোগেশ্বৰী ফুকননী ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা দলটোৱে সৰ্বাধিক পদক লাভ কৰি চেম্পিয়ন হিচাপে ৰাজ্যখনৰ বাবে গৌৰৱ কঢ়িযাই আনিছে৷ 

১৬ জুলাইত সামৰণি পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত ১৫ সংখ্যক ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত ১২ খন ৰাজ্যৰ খৈলুৱেই অংশ গ্ৰহণ কৰিছিল৷ প্ৰতিযোগিতাত সৰ্বমুঠ ২৫ টা পদকেৰে অসমে প্ৰথম স্থানত থকাৰ লগতে ১২ টা পদক লাভৰে দ্বিতীয় স্থানত থাকে মণিপুৰে। 

অসম দলৰ ৰেঙণী মহন্ত, শ্ৰেয়াসী মহন্ত, লোহিত টেৰণ, নন্দিনী যোশী, জুলিয়ান বৰা, আটিফ আলী, উন্বতি যোশী, চিলভাৰ কৌতিল্য দেউৰী, ব্ৰঞ্জ চুমি ৰেখা বৰুৱা, মাধুৰ্য্য মাধব আদিয়ে সোণৰ পদক লাভ কৰে। প্ৰশিক্ষাৰ্থী সকলৰ সফলতাত আনন্দ প্ৰকাশ কৰে উদীয়মান প্ৰশিক্ষক কেশৱ বসুমতাৰীয়ে।