ডিজিটেল ডেস্কঃ নাবালিকা ধৰ্ষণৰ অভিযোগত অভিযুক্ত আশাৰাম বাপুৰ গোচৰৰ আজি অৰ্থাত বুধবাৰে ৰায় প্ৰদান কৰিব আদালতে৷ যোধপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে এই ৰায় প্ৰদান কৰিব ন্যায়াধীশ মধুসুধন শৰ্মাই৷ 

ৰায় প্ৰদানৰ পূৰ্বে প্ৰশাসনে যোধপুৰত কটকটীয়া নিৰপত্তা বেষ্টনী গঢ়ি তুলিছে৷ চহৰখনত বিগত তিনিদিন ধৰি ১৪৪ ধাৰা জাৰি কৰা হৈ আছিল৷ আশাৰাম গোচৰৰ ৰায় প্ৰদানৰ পূৰ্বে বা পিছত যাতে তেওঁৰ অনুগামীসকলে চহৰখনত কোনো হিংসাত্মক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক হৈ পৰিছে আৰক্ষী প্ৰশাসন৷ বুধবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে চহৰখনত ফ্লেগ মাৰ্ছ উলিয়াই সকলোকে সতৰ্ক কৰি দিয়ে৷

ইফালে বুধবাৰে পুৱাই আশাৰাম বাপুৰ এজন সমৰ্থকে ফুলৰ মালা লৈ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈছিল যদিও আৰক্ষীয়ে তেওঁক বাধা প্ৰদান কৰে৷ 

আদালতে যদি আশাৰাম বাপুক দোষী বুলি ৰায় প্ৰদান কৰে তেন্তে আশাৰামে নূন্যতম ১০ বছৰৰ কাৰাদণ্ড ভোগ কৰিব লাগিব৷ এই শাস্তি অধিতমক যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হ’ব পাৰে৷ আদালতৰ ৰায় আশাৰামৰ বিৰুদ্ধে হ’লে তেনে পৰিস্থিতিত তেওঁৰ সমৰ্থকসকলে চহৰখনত হিংসাত্মক ঘটনা সংঘটিক কৰাৰ আশংকা কৰিছে যোধপুৰ আৰক্ষীয়ে৷ বুধবাৰে কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত আশাৰাম বাপুৰ অসংখ্য গুনমুগ্ধ উপস্থিত হোৱাৰ আশংকা আছে৷    

যোধপুৰৰ নিৰপত্তাত ৰাজ্যখনৰ ডিজিপি ও পি মালহোত্ৰাই নিজেই নজৰ ৰাখিছে৷ তদুপৰি সুৰক্ষাৰ স্বাৰ্থত জয়পুৰ, অজমেৰ, বিকানেৰৰ পৰা অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে৷ 

উল্লেখ্য যে, ২০১৩ চনত উত্তৰপ্ৰদেশৰ এগৰাকী ১৬ বৰ্ষীয় নাবালিকাই আশাৰাম বাপুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ নাবালিকাগৰাকীৰ অভিযোগ মতে আশাৰামে তেওঁৰ আশ্ৰমত নাবালিকাগৰাকীৰওপৰত যৌন নিৰ্যাতন চলাইছিল৷