ডিজিটেল ডেস্কঃ আদালতৰ ৰায়ত দোষী সাব্যস্ত হ’ল আশাৰাম বাপু৷ ২০১৩ চনতে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল আশাৰাম বাপুৰ বিৰুদ্ধে৷ এই অভিযোগ উত্থাপন কৰিছিল ১৬ বছৰীয়া নাবালিকা গৰাকীয়ে৷ 

ক্লিক কৰক এই বাতৰিতঃ- আশাৰাম কোন, অসুমল কেনেকৈ হ’ল আশাৰাম বাপু? জানিবলৈ পঢ়ক এই বাতৰি

আজি এই গোচৰৰ ৰায় প্ৰদানত আদালতে আশাৰাম বাপুৰ দোষী সাব্যস্ত কৰে৷ আশাৰাম বাপুৰ লগতে আন  ৫ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰে আদালতে৷ আশাৰামৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যোধপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে ন্যায়াধীশ মধুসুধন শৰ্মাই ৰায় প্ৰদান কৰে৷

ক্লিক কৰক এই বাতৰিতঃ- আশাৰাম কোন, অসুমল কেনেকৈ হ’ল আশাৰাম বাপু? জানিবলৈ পঢ়ক এই বাতৰি

ৰায় প্ৰদানৰ পূৰ্বে প্ৰশাসনে যোধপুৰত কটকটীয়া নিৰপত্তা বেষ্টনী গঢ়ি তুলিছিল৷ চহৰখনত বিগত তিনিদিন ধৰি ১৪৪ ধাৰা জাৰি কৰা হৈছিল৷ আশাৰাম গোচৰৰ ৰায় প্ৰদানৰ পূৰ্বে বা পিছত যাতে তেওঁৰ অনুগামীসকলে চহৰখনত কোনো হিংসাত্মক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক হৈ আছিল আৰক্ষী প্ৰশাসন৷ অৱশ্যে ৰায় প্ৰদানৰ পাছত চহৰখনত কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই৷