ডিজিটেল ডেস্কঃ নিজকে সিদ্ধপুৰুষ বুলি দাবী কৰা আশাৰামৰ ধৰ্ষণ গোচৰৰ ৰায় অহা ২৫ এপ্ৰিলত প্ৰদান কৰা হ’ব। তাৰ আগমূহূৰ্তত যোধপুৰত আশাৰাম বাপুৰ ভক্তসকলে যাতে কোনো আইন বিৰোধী কাম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ পৰিছে যোধপুৰ আৰক্ষী।

যোধপুৰ আৰক্ষীয়ে ১৪৪ ধাৰাৰ অধীনত ২৫ এপ্ৰিলৰ পৰা চহৰখনত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা ৩০ এপ্ৰিলৰ সন্ধিয়ালৈ বাহাল থাকিব। আশাৰাম বাপুক আদালতলৈ লৈ যোৱাৰ সময়ত তেওঁৰ অনুগামীসকলে চহৰখনত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ আশংকা কৰি যোধপুৰ আৰক্ষীয়ে গোচৰৰ ৰায়ৰ বাবে শুনানি কেন্দ্ৰীয় কাৰাগাৰ ভিতৰতে অনুষ্ঠিত কৰিবলৈ আবেদন জনাইছিল। সেই আবেদনৰ ভিত্তিত ৰাজস্থানৰ উচ্চ ন্যায়লয়ে অহা ২৫ এপ্ৰিলত যোধপুৰৰ কেন্দ্ৰীয় কাৰাগৰাৰ ভিতৰতে আশাৰাম বাপুৰ ৰায় প্ৰদানৰ নিৰ্দেশ দিয়ে। 

ইফালে ২৫ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ আৰক্ষীয়ে জাৰি কৰা নিষেধাজ্ঞাৰ সময়ত কোনো ৰাজহুৱা স্থানত ৪জনতকৈ অধিক লোকে ভিৰ কৰিব নোৱাৰিব বুলি ঘোষণা কৰে যোধপুৰ আৰক্ষীয়ে। 

ভাৰতীয় শিশু সুৰক্ষা আইনৰ অধীনত নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগত আশাৰাম বাপুৱে ২০১৩ চনৰ ৩১ আগষ্টৰ পৰা যোধপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবাসৰ জীৱন কটাই আছে। আশাৰাম বাপু দোষী সাব্যস্ত হ’লে কমেও ১০ বছৰৰ কাৰাদণ্ড লাভ কৰিব।