চাবুৱা/ডিব্ৰুগড়/মাৰ্ঘেৰিটা/ফিল’বাৰী/তিনিচুকীয়াঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা অসম সাহিত্য সভাৰ প্ৰতিনিধি, সাহিত্যিকৰ তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰে সামৰণি পৰিল অসম সাহিত্য সভাৰ ৭৪সংখ্যক বুঢ়ীদিহিং-বৰডুমছা অধিবেশন৷

তিনিচুকীয়া জিলাৰ বৰডুমছাৰ বদৌচা সমন্বয় ক্ষেত্ৰ নিজম পৰিল যদিও বহু যোগাত্মক-বিয়োগাত্মক স্মৃতিয়ে সজীৱ হৈ ৰ’ল৷ সাহিত্য সভাত প্ৰথমবাৰৰ বাবে আনন্দ মেলা অনুষ্ঠিত কৰি ইতিহাসৰ সৃষ্টি কৰে৷ একাশ লোকে সাহিত্যৰ অনুষ্ঠানতকৈ আনন্দ মেলাক হে গুৰুত্ব প্ৰদান কৰিছিল৷ গ্ৰন্থমেলাত মানুহৰ সমাগম নাছিল যদিও আনন্দ মেলাত মানুহ ভৰি পৰিছিল৷

অসম সাহিত্য সভাৰ ৭৪সংখ্যক বুঢ়ীদিহিং-বৰডুমচা অধিবেশনে ৰাইজৰ হৃদয় জয় কৰিব নোৱাৰিলে বুলি সাহিত্য প্ৰেমীৰ মাজত চৰ্চা লাভ কৰিছে৷ বিশেষকৈ সাহিত্য সভাৰ খোদ প্ৰতিনিধি সকলেই মুকলিকৈ ক্ষোভ ব্যক্ত কৰে৷ প্ৰতিনিধিসকলক থাকিবৰ বাবে দুৰণিৰ বিদ্যালয় এখনত বাছৰে নি কোনো খোৱা-শোৱাৰ সা-সুবিধা দিবলৈয়ো নাহিল কোনো লোক৷

যাৰ ফলত বহু কষ্টৰে নিজৰ টকাৰে খাদ্য ক্ৰয় কৰি তিনিটা দিন পাৰ কৰে প্ৰতিনিধিসকলে৷ তদুপৰি অধিবেশন থলীৰ অস্থায়ী হোটেলসমূহ নিয়ণন্ত্ৰহীন হোৱাৰ ফলত খাদ্যবস্তুৰ দাম আকাশলংঘী হোৱাৰ ফলত জেপৰ সমস্ত ধন খৰছ হোৱাত স্বাভাৱিকতে বিপাঙত পৰে প্ৰতিনিধিসকল৷ যাৰ ফলত সাহিত্য সভাৰ বিদায় অনুষ্ঠানৰ পূৰ্বেই প্ৰতিনিধি আৰু বহু সাহিত্যিকে ৰিতুপথাৰ ত্যাগ কৰিছিল৷ তদুপৰি সাহিত্য সভাৰ ইতিহাসত বাবে গ্ৰন্থমেলাৰ বিপনীসমূহে ব্যাপক লোকচানৰ সম্মূখীন হোৱা বুলি প্ৰতিবেদকক জানিবলৈ দিয়ে৷

আশ্চৰ্যকৰ কথাটো হ'ল এই যে কোনো এটা কাৰ্যসূচী নিৰ্ধাৰিত সময়ত অনুষ্ঠিত কৰিব নোৱাৰিলে৷ প্ৰতিটো অনুষ্ঠানেই নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ অনুষ্ঠিত হোৱা বুলি জানিবলৈ দিয়ে সাহিত্যপ্ৰেমীয়ে৷ তদুপৰি সঘনাই বিদ্যুৎ যোগান ব্যাহত হোৱা আৰু মুকলি সভা চলি থকাৰ সময়তো মঞ্চত বিদ্যুতে লুকা-ভাকু খেলা দৃশ্য বৰ বিৰক্তি দায়ক আছিল৷ শনিবাৰৰ নিশা মঞ্চত জুবিন গাৰ্গৰ হিন্দী গীত পৰিবেশনে সাহিত্য প্ৰেমীৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰে৷

অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰ মঞ্চত জুবিন গাৰ্গৰ দৰে বিতৰ্কিত গায়কক মাতি ভুল কৰা বুলি মন্তব্য কৰে একাংশ লোকে৷ সাহিত্য, গ্ৰন্থমেলাক চৰম অৱজ্ঞা কৰা বুলি অভিযোগ উত্থাপন হয়৷ পথৰ দাতিত সাহিত্য সভাৰ লোকৰ বেনাৰ থকাতকৈ এটি ৰাজনৈতিক দলৰ নেতাৰ ছবি থকা বেনাৰেৰে ভৰি থকা দেখা গ’ল৷ গ্ৰন্থ মেলাৰ বিপৰীতে বাণিজ্য মেলাক গুৰুত্ব দি গ্ৰন্থ মেলাৰ সোমোৱা পথৰ সমীপতে অস্থায়ী শৌচালয় নিৰ্মাণ কৰাত বেয়া গোন্ধৰ বাবে মানুহ থাকিব পৰিবেশ নাছিল৷

সাহিত্য সভাৰ প্ৰতিটো কাৰ্যসূচীত ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰে ভৰি থকাত বহু সাহিত্যকে মঞ্চত উঠিবলৈ সাহসে নকিৰলে৷ বিশুদ্ধ খোৱাপানী আৰু শৌচাগাৰত পানীৰ ব্যৱস্থা নাছিল৷ অসম সাহিত্য সভাৰ অধিবেশনৰ ব্যাপক খামখেয়ালিৰ বাবে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন সচেতন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সাহিত্য সভাৰ পৰা দুদিন পূৰ্বে উভতি আহি ফেচবুক যোগে তীব্ৰ ক্ষোভ ব্যক্ত কৰে জ্যেষ্ঠ সাহিত্যিক ইছমাইল হুছেইনে৷

গ্ৰন্থ মেলাক গুৰুত্ব প্ৰদান নকৰি আনন্দ মেলাক গুৰুত্ব প্ৰদান কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ সাহিত্যৰ অনুষ্ঠানক বাণিজ্যৰ মেলালৈ পৰিণত হোৱা বুলি অভিযোগ উত্থাপন হয়৷ পথৰ মাজৰ তোৰণ সমূহ প্ৰত্যক্ষ কৰি অসম সাহিত্য সভাৰ পৰিবৰ্তে এটি ৰাজনৈতিক দলৰ ৰাজ্যিক সভা যেন হে লাগি বুলি কেইবাটাও জাতীয় অনুষ্ঠানে অভিযোগ উত্থাপন কৰে৷ কেইবাগাৰকী বিধায়ক, সাংসদৰ বৃহৎ বৃহৎ ফটো সম্বলিত অভিনেতাৰ দৰে বেনাৰে সাহিত্য প্ৰেমীক অসন্তুষ্ট কৰে৷

একপ্ৰকাৰ অসম সাহিত্য সভা ৰাজনৈতিক সভালৈ পৰ্যবসিত হয়৷ এই মন্তব্য সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাৰ। এক বিবৃতি যোগে সংগঠনটোৰ নেতাজনে অসম সাহিত্য সভাৰ অধিবেশনৰ কাম কাজক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাহিত্য সভাত গ্ৰন্থ মেলাৰ ঠাইত আনন্দ মেলা অনুষ্ঠিত কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে। অনাগত দিনত সাহিত্য সভাক উদ্ধাৰ কৰিবলৈ সকলো সচেতন অসমীয়াক আগুৱাই আহিবলৈ আহ্বান জনাই সংগঠনটোৱে।