গুৱাহাটীঃ ২০১৩ বৰ্ষৰ ACS-APS বিৰুদ্ধেও অভিযোগ উত্থাপন হৈ আহিছিল ধন দি চাকৰি লোৱাৰ অভিযোগ৷ বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰি অহাৰ সময়তে অসম আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে আৰম্ভ কৰিছিল তদন্ত৷

যোৱা ০৭ ফেব্ৰুৱাৰীত তেওলোকক চমন জাৰি কৰি মাতি অনা হৈছিল অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ৷ কেইবাঘন্টা ধৰি তেওঁলোকক সোধ-পোছ কৰা হৈছিল আৰু হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰিছিল তেওঁলোকৰ৷

তাৰ পিছতেই ACS-APS পৰীক্ষাৰ উত্তৰ বহী, হস্তাক্ষৰৰ নমুনা ফৰেনছিক বিজ্ঞানগাৰলৈ প্ৰেৰণ কৰে৷ বিজ্ঞানগাৰৰ পৰা পৰীক্ষাৰ উত্তৰ বহীৰ সৈতে স্বাক্ষৰৰ মিল নথকাৰ কথা স্পষ্ট কৰাৰ পিছতেই সস্তম হৈ পৰিছিল ডিব্ৰুগড় জিলাৰ আৰক্ষীৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখা৷ মঙলবাৰে নিশাৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে ৫ গৰাকী ACS-APSৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷

আৰক্ষীয়ে এমাহৰ মূৰকত তেওলোকৰ হস্তাক্ষৰ পৰীক্ষাৰ কাকতৰ হস্তাক্ষৰৰ সৈতে মিল নথকাত অভিযান আৰম্ভ কৰে৷ মঙলবাৰে নিশাৰে পৰা ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই ৫গৰাকী ACS-APS বিষয়াক জালত পেলাইছে৷ 

এতিয়া প্ৰশ্ন উত্থাপন হয় ACS-APSৰ উত্তৰ বহীত কোনে স্বাক্ষৰ কৰিছিল৷ কেৱল ACS-APS বিষয়াক গ্ৰেপ্তাৰ কৰিয়েই নহয় কোনে স্বাক্ষৰ কৰিছিল তেওঁলোকৰ উত্তৰ বহীত, সেই কথাও ৰাজহুৱা হোৱাৰ প্ৰয়োজন বুলি কয় একাংশ লোকে৷ 

দক্ষিণ শালমাৰাৰ ২৬নং বেটেলিয়ানৰ সহ-আৰক্ষী অধীক্ষক কৌশিক কলিতা, নামনিৰ নলবাৰী জিলাৰ কৰ পৰিদৰ্শক বৰ্ণালী দেৱী, লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চক্ৰ বিষয়া ঋতুৰাজ গগৈ, মাজুলী জিলাৰ সহকাৰী নিয়োগ বিষয়া সত্যজিত্‍ সৰকাৰ আৰু কামৰূপৰ ৰঙিয়া মহকুমা আবকাৰী পৰিদৰ্শক অভিষেক বৰবৰাক ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে। শেহতীয়া খবৰ মতে, মহানগৰীৰ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাত আটাকেইজন বিষয়াকে মাৰাথান জেৰা অব্যাহত ৰাখিছে৷ 

অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ২০১৩ বৰ্ষৰ ACS-APSৰ বিৰুদ্ধে৷ ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ৯গৰাকী ACS-APSক চমন জাৰি কৰি কাহিলীপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ মাতি আনি হস্তাক্ষৰ চিহ্নৰ নমুনা সংগ্ৰহ কৰিছিল৷ 

৯গৰাকী ACS-APS-এ বুধবাৰে তথা ০৭ ফেব্ৰুৱাৰীত হাজিৰ হৈছিল অসম আৰক্ষীৰ কাহিলীপাৰাৰ বিশেষ শাখাত৷ কাহিলীপাৰাৰ বিশেষ শাখাৰ কাৰ্যালয় আৰু ডিব্ৰুগড় আৰক্ষীয়ে পূৰ্বৰে তদন্ত প্ৰক্ৰিয়া চলাই গৈছিল৷