newsnextone.com লিডুঃ ডিগবৈৰ পেঙেৰীৰ টেকেৰীৰ মাজুলী ঘাটত এজন আলফা সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো মাৰ্ঘেৰিটা মহকুমাৰ জাগুণত যোৱা ২৪ তাৰিখৰ নিশা আলফা-সেনাৰ সৈতে হোৱা তুমুল গুলিয়াগুলিত নিহত হোৱা এজন আলফা সদস্যৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। 

মৃত আলফা সদস্য জনৰ ডিঙিত এটা গ্ৰেনেট আৰু মেগজিন থকা দেখা গৈছে। আজি পুৱা এজন মাছমৰিয়াই প্ৰথমে মৃতদেহটো  প্ৰত্যক্ষ কৰি আৰক্ষী আৰু সেনাক খবৰ দিয়ে। পাছত সেনা-আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

বিগত তিনি দিন ধৰি পানীৰ তলত থকাৰ বাবে মৃতদেহটো যথেষ্ট ফুলি যোৱাৰ বাবেই এতিয়াও চিনাক্ত কৰিব পৰা নাই মৃতদেহটো কোন জন আলফা সদস্যৰ৷ ইফালে সেনা আৰক্ষীয়ে মৃত দেহটোৰ পৰা এটা গ্ৰেনেড, বিগল AK 81-ৰ ১০ জাই গুলী, এটা ৱাকি টকি, বেটেৰী আৰু বহুতো মূল্যবান নথি-পত্ৰ উদ্ধাৰ কৰে৷ বৰ্তমান এলেকাটোত সেনা আৰু আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে৷