ওদালগুৰিঃ বন্ধই কোনো ধৰণৰ সমস্যা সমাধান নকৰে বুলি চৰ্চা হৈ থকাৰ সময়তে অবড়ো সুৰক্ষা সমিতিয়ে দিয়া অসম বন্ধৰ বাবে ওদালগুৰিত জনজীৱন ব্যাহত হৈ পৰে৷ বিটিএডিৰ অবড়ো সুৰক্ষা সমিতি সমিতিয়ে বৃহস্পতিবাৰে ঘোষণা কৰা ২৪ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ওদালগুৰিৰ বিভিন্ন অঞ্চলত পৰা দেখিবলৈ পোৱা গৈছে৷

দুৰ্নীতিৰে ভাৰাক্ৰান্ত ৰাজ্যত প্ৰতিটো দিনতেই এতিয়া ধৰ্ণা, পথ অৱৰোধেৰে কৰা প্ৰতিবাদী কাৰ্যসূচী৷ বিটিচি চুক্তি কৰ্তন, বিটিএডি অঞ্চলৰ পৰা অবড়ো গাঁওসমূহ কৰ্তন, বিটিএডি অঞ্চলত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা আৰু বড়োলেণ্ড গঠনৰ নামত অসম বিভাজনৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত অবড়ো সুৰক্ষা সমিতিয়ে এই বন্ধৰ আহ্বান কৰিছিল৷

বন্ধৰ সময়ছোৱাত বিটিএডিৰ সকলো ব্যৱসায়-প্ৰতিষ্ঠানৰ লগতে দূৰণিবটীয়া যান-বাহনসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকে। অৱশ্যে শিক্ষা প্ৰতিষ্ঠানৰ পাঠদানসমূহ নিয়মিতভাৱে অব্যাহত থকা দেখা যায়। বন্ধৰ সময়ছোৱাত ওদালগুৰি ৰেলষ্টেছনত দেখা যায় যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ।

বন্ধৰ বাবে ওদালগুৰি ৰেল ষ্টেচনেদি পাৰ হৈ যাবলগীয়া ডেকাৰগাওঁ-কামাখ্যা ইণ্টাৰচিটী এক্সপ্ৰেছ, ৰঙাপাৰা-ৰঙিয়া যাত্ৰীবাহী ৰেলসহ সকলো ৰেল বাতিল কৰে ৰেল কৰ্তৃপক্ষই। ইফালে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দায়িত্বত থকা শিক্ষকসকলৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হোৱা দেখা যায়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰসমূহত প্ৰস্তুতি সম্পৰ্কত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হৈছে যদিও সকলো যান-বাহন বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত ৰেলেৰে নিজৰ কৰ্তব্যলৈ যাব বিচৰা শিক্ষকসকলো সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। ২৪ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাত বাতৰি লিখা সময়লৈ কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা নাই যদিও সকলো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে আৰক্ষী প্ৰশাসনে সাজু হৈ থকা দেখা যায়।