photo by NNO Mushalpur
photo by NNO Mushalpur

গোৰেশ্বৰ/মুছলপুৰঃ বিটিএডিৰ পৰা অবড়ো গাওঁ কৰ্তন আৰু পৃথক বড়োলেণ্ডৰ বিৰোধিতা কৰি অহা ২২ এপ্ৰিলৰ পুৱা ৬বজাৰ পৰা ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে অবড়ো সুৰক্ষা সমিতিয়ে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে এই কথা জনাইছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই।

বিবৃতিটোত আৰু কোৱা হৈছে যে ২০০৩ চনত যেনেকৈ অবড়োসকলৰ মত নোলোৱাকৈ বিটিচি চুক্তি কৰা হ'ল তাৰে পদাংক অনুসৰণ কৰি পুনৰ অসম চৰকাৰ, ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি বড়োলেণ্ড গঠনৰ প্ৰস্তুতি চলাইছে।

এনে আলোচনাৰ তীব্ৰ বিৰোধিতা জনাইছে অবড়ো সুৰক্ষা সমিতিয়ে। ইয়াৰ প্ৰতিবাদত অহা ২২ এপ্ৰিলত পুৱা ৫ বজাৰ পৰা ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনোৱা হৈছে।

কোনো কাৰণতে পুনৰ অসমক বিভাজন কৰিবলৈ দিয়া নহ'ব বুলি সকীয়াই দি কৈছে যে অলপতে এবছুৰ বাইক ৰেলীত অসীয়া গ' বেক ধ্বনি দিয়া হৈছিল নে নাই সেয়া স্থানীয় লোকক সুধিলেই গম পোৱা যাব।

আনহাতে অলপতে এবছু সভাপতি প্ৰমোদ বড়োৱে "জয় আই অসম " শ্লোগান দিয়াত ধন্যবাদ জ্ঞাপন কৰিছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে। পৰবৰ্তী সময়তো তেওঁৰ এনে স্থিতি অটুট থকাৰ কামনা কৰিছে কলিতাই।