ওদালগুৰিঃ এইবাৰ আক্ৰাছুৱে আক্ৰমণৰ লক্ষ্য কৰি ল’লে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক৷ দীৰ্ঘদিন ধৰি জনজাতিকৰণকলৈ প্ৰতিবাদ কৰি অহা সংগঠনটোৱে হাগ্ৰামা মহিলাৰীক পুনৰ জংঘললৈ যাবলৈ আহ্বান জনায় ওদালগুৰি জিলা আক্ৰাছু আৰু কোচ ৰাজবংশী সন্মিলনীয়ে৷

শুকুৰবাৰে ওদালগুৰিৰ চিলাৰায় ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি এই আহ্বান জনাই সংগঠন দুটাই৷ সংবাদমেলত তেওঁলোকে কয় যে বিগত ২০১৭ব বৰ্ষত বিটিচি প্ৰশাসনৰ উদ্যোগত ওদালগুৰিৰ বিভিন্ন জনগোষ্ঠীৰ সংগঠনৰ বাবে পৃথকে পৃথকে ছাত্ৰাবাস নিৰ্মাণৰ ধন আৱন্তন কৰা হৈছিল।

আন জনগোষ্ঠীসমূহৰ ছাত্ৰাবাসৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে যদিও বিভিন্ন চক্ৰান্তৰ বাবে কোঁচ ৰাজবংশী জনগোষ্ঠীৰ ছাত্ৰাবাসটো আজিকোপতি ওদালগুৰি সদৰত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পৰিৱৰ্তে উক্ত ছাত্ৰাবাসটো জিলা সদৰৰ পৰা ৰৌতা অঞ্চললৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি বিটিচি প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিয়ে।

ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰে ওদালগুৰি জিলা আক্ৰাছু আৰু জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ নেতৃবৃন্দ। দুয়োটা সংগঠনৰ নেতৃবৃন্দই কয়, বিটিচি অধ্যক্ষ ত্ৰিদিপ দৈমাৰীৰ চক্ৰান্ততে এনে কাৰ্য সংঘটিত হৈছে। আনকি কামটোত নিয়োজিত ঠিকাদাৰজনক অধ্যক্ষ গৰাকীয়ে ফোনত ভয় ভাবুকি দি সচিবালয়লৈ মাতি নি কামটো পূৰ্বৰ স্থানত স্থগিত ৰখাৰ বাবে সকিয়নী প্ৰদান কৰে।

অন্যথা ঠিকাদাৰগৰাকীৰ ট্ৰেড লাইচেঞ্চ বাতিলৰ ভাবুকিও প্ৰদান কৰা বুলি সংবাদমেলখনত উল্লেখ কৰে। ফলত ঠিকাদাৰগৰাকীয়ে ছাত্ৰাবাস নিৰ্মাণৰ ঠিকাৰ কামটো প্ৰত্যাহাৰ কৰে। বিটিচিৰ এই চক্ৰান্তত বিধায়ক চৰণ বড়ো, ইএম জগদীশ সৰকাৰৰ নামো থকাৰ কথা জানিবলৈ দিয়ে।

লগতে নেতৃবৃন্দই জানিবলৈ দিয়ে, বিটিচিত এতিয়া উগ্ৰপন্থীৰ দৰে শাসন চলিছে, বিটিচি অঞ্চলৰ ৰাইজৰ গণতন্ত্ৰ খৰ্ব কৰা হৈছে, বিটিচিৰ সচিবালয়ৰ প্ৰতিটো কোঠাত চলিছে ভয়ংকৰ কমিচনৰাজ, ওদালগুৰিত বিভিন্ন বিতৰ্কিত তথা ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে।

এই সকলোবোৰ দেখি শুনিও চকু মুদা কুলিৰ ভাও ধৰা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক গণতন্ত্ৰ ৰক্ষণাবেক্ষণ দিব নোৱাৰাৰ বাবে পুনৰ জংঘললৈ যাবলৈ দি এই সমগ্ৰ বিষয়ৰ প্ৰতিবাদত অহা ১৫ ফেব্ৰুৱাৰী তাৰিখে পুৱা ৬ বজাৰ পৰা ওদালগুৰি জিলা বন্ধৰ আহ্বান জনাই সংগঠন দুটাৰ নেতৃত্বই।

উক্ত বন্ধ কাৰ্যসূচীৰ পৰা অত্যাৱশ্যকীয় সেৱা, শিক্ষানুষ্ঠান তথা পৰীক্ষাসমূহক ৰেহাই দিয়া বুলি সংবাদ মেলত জানিবলৈ দিয়ে সংগঠনৰ নেতৃবৃন্দই। সংবাদমেলত উপস্থিত থাকে জিলা আক্ৰাছুৰ সভাপতি-সম্পাদক ক্ৰমে দীব্যজ্যোতি কুমাৰ ডেকা আনন্দ শইকীয়া, আক্ৰাছুৰ সাংগঠনিক সম্পাদক ভৱেন ৰাজবংশীৰ লগতে আন বিষয়ববীয়াসকল।