গুৱাহাটীঃ ৰাজ্যৰ পৰা নোহোৱা হ’ব ভি আই পি সংস্কৃতি৷ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক তাৎক্ষণিকভাৱে সকলো মন্ত্ৰী বিধায়কৰ গাড়ীৰ পৰা ৰঙা লাইট আঁতৰাবলৈ নিৰ্দেশ দিছে৷ মুখ্যমন্ত্ৰীয়ে নিজৰ চৰকাৰী বাহনৰ পৰাও ৰঙা লাইট ইতিমধ্যে আঁতৰাইছে ৰঙা লাইট৷

উল্লেখযোগ্য যে বুধবাৰে কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰী আৰু বিষয়াৰ গাড়ীৰ পৰা ৰঙা লাইট আতৰাবলৈ নিৰ্দেশ দিছিল৷ ১ মেৰ পৰা কাৰ্যকৰী কৰিবলৈ এই নিৰ্দেশ দিছিল কেন্দ্ৰীয় কেবিনেটে৷ মুলত দেশৰ পৰা ভিভিআইপি আৰু ভিআইপি সংস্কৃতি নোহোৱা কৰিবলৈ এই সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় কেবিনেটে৷ ইয়াৰ পিছতে অসম চৰকাৰ তৎপৰ হৈ পৰিছে লালবাতি আঁতৰাবলৈ৷