লংকাঃ মুৰৰ ঘাম মাটীত পেলাই দিনৰ দিনটো সুৰুযটো মুৰত লৈ খেতিয়কে খেতি কৰে। আনন্দত খেতি চপায়। কিন্তু শেষত যেতিয়া সেই খাদ্যশস্য বজাৰ পায়গৈ, তেতিয়া পানীৰ দামতে বিক্ৰী কৰি দিবলগা হয় সেই খাদ্যশস্য।

পাইকাৰী খাদ্যশস্য, পাচলি, ফল-মূল আদি বজাৰত পানীৰ দামত এনেদৰে বিক্ৰী কৰি দিবলগা হোৱাত মুৰে-কপালে হাত দিবলগীয়া হৈছে বৰ্তমান অসমৰ ক্ষুদ্ৰ খেতিয়কসকলে। কঠোৰ পৰিশ্ৰমৰ মূল্য আৰু আনুষাংগিক ব্যয়খিনিও লাভ কৰিবলৈ সক্ষম নোহোৱাৰ কৃষকে উচিত মূল্যতো বাদেই, বৰঞ্চ লোকচানৰ সমুখীন হোৱা পৰিলক্ষিত হৈছে। 

উল্লেখ্য যে কেৱল খৰুপেটীয়া বা বৰপেটা ৰোডেই নহয়, সমগ্ৰ ৰাজ্যৰে বিভিন্ন স্থানত কৃষকৰ উৎপাদিত সামগ্ৰীসমূহ অতি কম দৰতে কিনিবৰ বাবে বহিৰাগত বণিক গোষ্ঠীয়ে একপ্ৰকাৰ কৃষকক বাধ্য কৰোৱাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে একেই পৰিৱেশ দেখা গৈছে লংকাত। 

লংকাৰ বৃহত্তৰ নখুঁটি অঞ্চল হালধি খেতিৰ কাৰণে অসমৰ ভিতৰতে এখন বিখ্যাত ঠাই। নখুঁটিৰ ৮০ শতাংশ লোকেই হালধি খেতিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। এই অঞ্চলৰ পৰাই বছৰি হাজাৰ হাজাৰ টন হালধি ৰাজ্যৰ বাহিৰলৈ ৰপ্তানি হয়। 

অঞ্চলটোৰ ভূমি হালধি খেতিৰ বাবে অধিক উপযোগী হোৱা হেতুকে কৃষকে কেৱল হালধি খেতিতেই অধিক মনোনিৱেশ কৰিবলগীয়া হয়। ফলত অধিক উৎপাদিত হালধি কৃষকে বজাৰ দৰতকৈ বহু কম দামত বিক্ৰী কৰিবলগীয়া হৈছে। 

পৰিয়াল পোহপাল দিয়াৰ একমাত্ৰ ভৰসা উৎপাদিত হালধিখিনি এতিয়া অতি কম দামত বিক্ৰী কৰিবলগীয়া হোৱাত অঞ্চলটোৰ কৃষক ৰাইজে যাতে উচিত বজাৰ মূল্য লাভ কৰে তাৰ বাবে চৰকাৰক দাবী জনাইছে। তদুপৰি কম দৰত বিক্ৰী কৰিবলগা হোৱা এনে বাতাবৰণ সৃষ্টি কৰা বণিক গোষ্ঠীকো চৰকাৰী নীৰিক্ষণত ৰখাৰ দাবী জনাইছে কৃষকে।