newsnextone.com | নগাঁওঃ তথাকথিত আধুনিকতাৰ ধামখুমীয়া আৰু যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত পৰি ক্ৰমাৎ হেৰাই যাব ধৰিছে অসমীয়া চহা গ্ৰাম্য জীৱনৰ লগত ওতঃপোতভাৱে জড়িত নাঙল-মাটি-মানুহৰ সম্পৰ্ক ৷ সমাজ পৰিৱৰ্তনৰ দ্ৰুতগামী যাত্ৰাৰ নৱপ্ৰজন্মৰ কাৰণে যেন ক্ৰমাৎ অচিনাকী হৈ পৰিছে বোকা-মাটিৰ সুৱাস মিহলি হৈ থকা পথৰুৱা দৃশ্য ৷ কাৰণ এতিয়া ভৰ বাৰিষাৰ বতৰতো পূৰ্বৰ দৰে খেতিপথাৰত দেখা পোৱা নাযায় গৰু, হাল, নাঙল, মৈ, যুৱলি আদিৰ দৰে কৃষকৰ অতি আদৰৰ আৰু অসমীয়া কৃষি পদ্ধতিৰ আজীৱন আহিলাসমূহ ৷ 

ইয়াৰ বিপৰীতে এইবোৰৰ স্থান দখল কৰিছে ট্ৰেক্টৰ আৰু পাৱাৰটিলাৰ আদিয়ে ৷ উল্লেখ্য, পূৰ্বতে খেতিৰ বতৰত কৃষকৰ মূল লগৰি আছিল হালৰ গৰুহাল ৷ এই হালৰ গৰুৰ কথা বাদ দি খেতিৰ কথা ভবাটো কল্পনাৰো অগোচৰ আছিল ৷ বৰষুণৰ পানীৰে পথাৰ উপচি পৰাৰ লগে লগে গঞা ৰাইজৰ ব্যস্ততাৰ অন্ত নাথাকে ৷ ডেকা-বুঢ়াসকলোৱে খেতিৰ বাবে ভাগে ভাগে যুদ্ধংদেহী মনোভাবেৰে পথাৰত নামি পৰে ৷ দোক-মোকালিতে শোৱাপাটী এৰি চাহ-জলপান খাই পথাৰত গৈ বলধ গৰুহালেৰে হাল বাই মাটি চহোৱা, মৈ দিয়া, আলি দিয়া কিম্বা পথাৰৰ জাবৰ-বন আতৰোৱা আদিত সকলো ব্যস্ত হৈ পৰে ৷ 

আনকি এহাল গৰুৱে এদিনতে কিমান মাটি সোনকালে ভালদৰে চহাব পাৰি তাক লৈও হালোৱাৰ মাজত প্ৰতিদ্বন্দ্বিতা চলে ৷ চহোৱা বোকা মাটিত শস্যৰ বীজ সিঁচা,কঠীয়া তোলা, কঠীয়া ৰোৱাৰ বাবে ৰোৱনীক কঠীয়া যোগান ধৰা আদি কামত সৰু-ডাঙৰ সকলোৱে নিয়াৰিকৈ লাগি-ভাগি আত্মনিয়োগ কৰিছিল ৷ গাঁৱৰ মহিলা-যুৱতীসকলে বোকা-পানীত প্ৰখৰ ৰ’দ-বৰষুণকো নেওচি নামি পৰে ভূঁই ৰোৱাত ৷ 

সকলোৱে হাঁহি-ধেমালীৰ মাজেৰে এই কৃষিকৰ্মবোৰ সম্পাদন কৰাটো যেন এক গৌৰৱ আৰু সৌভাগ্যৰ কথাহে আছিল অতীতৰ বছৰবোৰত ৷ কিন্তু সম্প্ৰতি খেতিপথাৰৰ এই মনোৰম দৃশ্যাৱলী দেখা পোৱাটো কঠিন হৈ পৰিছে ৷ কোৱা বাহুল্য মাথোন,ঠায়ে ঠায়ে দেখা গ’লেও অধিকাংশ গ্ৰামাঞ্চলতে ধূসৰ হৈ পৰিছে এনে দৃশ্য ৷ কাৰ্যতঃ হাল বোৱা কিম্বা ভূঁই ৰোৱা আদিৰ প্ৰতি আজিৰ নৱ-প্ৰজন্মৰ ধাউতি একেবাৰে কমি গৈছে ৷ ইয়াৰ বিপৰীতে ধন খৰছ কৰি ট্ৰেক্টৰ,পাৱাৰটিলাৰে মাটি চহোৱাৰ বিপৰীতে ভূঁই ৰোৱা যন্ত্ৰ ব্যৱহাৰ কৰাতহে নৱ-প্ৰজন্ম অতিকে আগ্ৰহী হৈ পৰিছে ৷ কাজেই, বৰ্তমান এনে ধ্যান-ধাৰণাৰ পৰিণতিতেই কালৰ সোঁতত হেৰাই যাব ধৰিছে খেতি-পথাৰৰ আপুৰুগীয়া বহু দৃশ্যাৱলী৷