গুৱহাটীঃ অসমত প্ৰতিটো দলেই চৰকাৰ গঠন কৰিলে মহিলাৰ সৱলীকৰণৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও সম্পূৰ্ণ বিপৰীত ছবিহে বাস্তৱত দেখা যায়। যাৰ ফলত মহিলাসকলে বঞ্চিত হ’ব লগা হয়৷ 

তাৰ লগে লগে উত্তৰ-পূৰৰ ৰাজ্যসমূহৰ ভিতৰত বেছি ভিক্ষাৰী আছে অসমত৷ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসম শীৰ্ষত থকাৰ লগতে আটাইতকৈ কম ভিক্ষাৰী থকা ৰাজ্য হ’ল মিজোৰাম৷ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক মহিলা ভিক্ষাৰী থকা ৰাজ্যৰ তালিকাত সন্নিবিষ্ট হৈছে অসম৷ আনহাতে অসম, পশ্চিম বংগ আৰু মণিপুৰত দেশৰ ভিতৰত সৰ্বাধিক মহিলা ভিক্ষাৰী আছে৷

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য মতে অসমত প্ৰতিদিনে বৃদ্ধি পাইছে মহিলা ভিক্ষাৰীৰ সংখ্যা৷ উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ তুলনাত অসমত ভিক্ষাৰীৰ সংখ্যাও বৃদ্ধি হৈছে৷

আমাৰ ৰাজ্য খনত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ভূমিহীন, গৃহহীন পুৰুষ-মহিলাই পদপথত, ৰেল ষ্টেচনত, আশ্ৰমত, বৃদ্ধাশ্ৰমত আশ্ৰয় ল’ব লগা হোৱাৰ লগতে ভিক্ষা বৃত্তিত জড়িত হ’ব লগা হয়৷ আঙুলিৰ মূৰত গণিব পৰা কেইগৰাকীমান লোকৰ হাতত দেশৰ সমষ্ট ধন-সম্পদ মজুত থকাৰ বিপৰীতে দেশৰ বেছিসংখ্যক লোকেই ধন-সম্পত্তিবিহীন৷ 

চৰকাৰৰ প্ৰতিবেদন মতে, দেশৰ ভিতৰতে সৰ্বাধিক ভিক্ষাৰী থকা ৰাজ্যখন হ’ল পশ্চিম বংগ৷ য’ত ৮১ হাজাৰ ২২৪ গৰাকী আছে৷ আনহাতে দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ ৬৫ হাজাৰ ৮৩৫ গৰাকী আৰু ২৯ হাজাৰ ৭২৩ গৰাকী ভিক্ষাৰীৰ সৈতে তৃতীয় স্থানত আছে বিহাৰ৷ ভিক্ষাৰী থকা ৰাজ্যৰ ভিতৰত মধ্য প্ৰদেশৰ স্থান হ’ল চতুৰ্থ৷ য’ত ২৮ হাজাৰ ৬৯৫ গৰাকীয়ে বাস কৰি আছে৷ লক্ষদ্বীপত আছে মাথো দুইগৰাকী ভিক্ষাৰী আছে। 

ইয়াৰোপৰি কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত দেশৰ ৰাজধানী দিল্লীতেই অধিক ভিক্ষাৰী আছে৷ দিল্লীৰ ভিক্ষাৰীৰ সংখ্যা হ’ল ২১৮৭ ৷ আনহাতে চণ্ডীগঢ়ত মাত্ৰ ১২১ জন আছে৷ দক্ষিণৰ ৰাজ্যসমূহৰ ভিতৰত কেৰেলাই হৈছে কম ভিক্ষাৰী থকা ৰাজ্য আৰু সকলোতকৈ অধিক ভিক্ষাৰী বাস কৰা ৰাজ্য হ’ল অন্ধ্ৰপ্ৰদেশ৷ ইয়াৰোপৰি কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত দেশৰ ৰাজধানী দিল্লীতো আছে বহু ভিক্ষাৰী৷ দিল্লীৰ ভিক্ষাৰীৰ সংখ্যা হ’ল ২১৮৭ ৷ আনহাতে চণ্ডীগঢ়ত মাত্ৰ ১২১ জন আছে৷  

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসম শীৰ্ষত থকাৰ লগতে আটাইতকৈ কম ভিক্ষাৰী থকা ৰাজ্য হ’ল মিজোৰাম৷ দক্ষিণৰ ৰাজ্যসমূহৰ ভিতৰত কেৰেলাই হৈছে কম ভিক্ষাৰী থকা ৰাজ্য আৰু সকলোতকৈ অধিক ভিক্ষাৰী বাস কৰা ৰাজ্য হ’ল অন্ধ্ৰপ্ৰদেশ৷ এই হিচাপৰ ভিত্তিত সৰ্বাধিক পুৰুষতকৈ মহিলা ভিক্ষাৰী থকা ৰাজ্য হ’ল পশ্চিম বংগ, মণিপুৰ আৰু অসম৷ 

উল্লেখ্য যে, বিশ্বৰ ভিতৰত ষষ্ঠ সংখ্যক ধনী দেশৰ ভাৰতবৰ্ষ৷ ষষ্ঠ সংখ্যক স্থান লাভ কৰিলেও এই গৌৰৱেৰে গৌৰাৱান্বিত হ’ব নোৱাৰে বেছি সংখ্যক লোকে৷ কিয়নো দেশৰ বেছি সংখ্যক লোকেই এসাজ ভাতৰ বাবে আজিও হাহাকাৰ কৰিব লগা হৈছে৷ দেশৰ সম্পদ একাংশ পুঁজিপতিৰ হাতত থকা বুলি অভিযোগ উত্থাপন হৈ সময়তে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা শেহতীয়া তথ্য মতে দেশত ৪ লাখ ১৩ হাজাৰ ৬৭০ জনে ভিক্ষা মাগি জীৱন অতিবাহিত কৰে৷ দেশৰ বেছিসংখ্যক লোকেই মধ্যবিত্ত আৰু দৰিদ্ৰ সীমা ৰেখাৰ তলৰ৷ যি সকল লোকে এসাজ খাই আন এসাঁজৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ দিনৰ দিনটো শ্ৰম কৰি পৰিয়াল পোহপাল দিব লগা হয়৷