গুৱাহাটীঃ ৰাজ্যত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৩০০৯টা ধৰ্ষণৰ গোচৰ আৰু ১৭১০৬টা নাৰী নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে। নেচনেল ক্ৰাইম ৰেকৰ্ড বুৰ'ৰ তথ্য অনুসৰি ২০১৬ চনত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান আছিল দ্বিতীয়। 

নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰীয় গড় ৫৩.৬% ৰ বিপৰীতে অসমৰ গড় হৈছে ১৩১.৩%৷ এনে বোৰ তথ্যৰ দ্বাৰা চৰকাৰ তথা ৰাজ্যখনৰ প্ৰতিচ্ছবিত আচোৰ পৰে৷ ফলস্বৰূপে ৰাজ্য চৰকাৰ সষ্টম হ’ব লগা হয়৷

পুনৰ যোৱা কেইবাটাও দিনত উজনি-নামনি-বৰাক উপত্যকাত সংঘটিত হত্যা, ধৰ্ষণৰ ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে৷ সমানে চিন্তিত কৰি তুলিছে ৰাজ্যৰ চৰকাৰ খনক৷ কিয়নো ২০১৬ চনত শাসনৰ গাদীলৈ অহাৰ পিছৰে পৰা ৰাজ্য খনত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে নাৰী জনিত অপৰাধৰ ঘটনা৷ 

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পত্ৰ লিখি ৰাজ্যখনত সংঘটিত হোৱা নাৰী জনিত অপৰাধৰ গোচৰ নিস্পত্তিৰ বাবে ফাৰ্ষ্ট ট্ৰেক আদালত গঢ়াৰ লগতে এনে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাৰ্ষ্ট ট্ৰেক আদালতত হ’ব লাগে বুলি মুখ্যমন্ত্ৰীয়ে পত্ৰ যোগে আৱেদন জনাইছিল৷

মুখ্যমন্ত্ৰীৰ পত্ৰৰ ভিত্তিত বৃহস্পতিবাৰে নাৰী নিৰ্যাতন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশ দি ৰাজ্যৰ প্ৰতিখন জিলাত ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপনৰ পোষকতা কৰে৷ 

তাৰ মাজতে জনতা ভৱনত এক বিশেষ অনুষ্ঠানত বিপদত পৰা নাৰী-শিশুৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে।

বৃহস্পতিবাৰে চৰকাৰে সহায় নম্বৰটো মুকলি কৰিব ৰাজ্যৰ মহিলা-শিশুৰ বাবে৷ নম্বৰটো ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব বুলি ৰাজ্য চৰকাৰে জানিবলৈ দিয়ে৷ ১৮১ নম্বৰত যিকোনো অভিযোদ দাখিল কৰিলে সেই জিলা খনৰ আৰক্ষী তথা প্ৰশাসনে সহায় কৰিবলৈ চেষ্টা কৰিব বিপদত পৰা নাৰী-শিশুগৰাকীক৷