photo by NNO Sivsagar
photo by NNO Sivsagar

শিৱসাগৰঃ ঐতিহাসিক তলাতলঘৰ প্ৰাংগনত আজি অসম সন্মিলিত মহাসংঘই দশম প্ৰতিষ্ঠা দিৱস পালন কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসম দেশ আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ কল্যাণৰ বাবে বিশেষ প্ৰাৰ্থনা সভাও অনুষ্ঠিত হয়।

প্ৰাৰ্থনা সভাত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট তাই পণ্ডিত বিমল বৰপাত্ৰ গোহাঁইৰ লগতে  সহায়ক ৰূপে উপস্থিত থাকে ঘনশ্যাম ফুকন আৰু মনিপুৰী পুৰোহিত জগত সিংহ।

এই প্ৰাৰ্থনা সভাত খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ কল্যাণৰ লগতে জাতীয় পুৰোধা ব্যক্তিৰ পৱিত্র স্মৃতিত প্ৰাৰ্থনা জনোৱা হয়।

প্ৰতিষ্ঠা দিৱসত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান, মণিপুৰী সাহিত্য পৰিষদৰ কিৰণ সিংহ, সিংহদুৱাৰ মনিপুৰী মহিলা সংঘৰ শকুন্তলা দেৱী, শেৱালী দেৱী, শিৱসাগৰ ডয় পাটকাই সমাজৰ  শিৰোমণি সন্দিকৈ, ৰূপজ্যোতি চাংমাই, নিৰঞ্জন গগৈ, পলাশজ্যোতি গগৈকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মহাসংঘৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে।