গুৱাহাটীঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহ ব্যক্তিগত বিদ্যালয়ৰ বাবে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ ৰাজ্যৰ বহু ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয় ৰজাঘৰৰ অৱহেলাৰ বাবে লাহে লাহে এৰাবাৰীত পৰিণত হ’ব ধৰিছে৷ গুণোৎসৱ অনুষ্ঠিত কৰি চৰকাৰে ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ মানদণ্ড নিৰূপন কৰা সময়তে একাংশ বিদ্যালয়ক চৰকাৰে তথা প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷

ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰাৰ বাবে সহজ হৈ পৰাৰ বাবেই মৃত্যমুখী যাত্ৰা আৰম্ভ হৈছে চৰকাৰী খণ্ডৰ বিদ্যালয়ে। চৰকাৰী বিদ্যালয়সমূহ শিক্ষাৰ মানদণ্ড, শিক্ষক নিযুক্তি, অধ্যক্ষ নিয়ুক্তি, আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশত আজিও পিছ পৰি আছে৷ চৰকাৰী বিদ্যালয়-কলেজ ক্ৰমান্বয়ে মৃত্যুৰ দিশে আগবঢ়া বুলি অভিযোগ উত্থাপ নকৰাৰ সময়তে শেহতীয়াকৈ পোহৰলৈ আহিছে ৰাজ্যৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ত শৈক্ষিত পৰিবেশ নষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

শিক্ষা বিভাগে বিদ্যালয় খনক প্ৰশাসন পৰিচালনা কৰিবৰ বাবে স্থায়ী অধ্যক্ষ নিয়ুক্তি নিদিয়াৰ ফলতেই এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়া জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি বিদ্যালয় পৰিদৰ্শকলৈকে সকলোৱে বিদ্যালয় খনৰ ৰং চোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ এই বিদ্যালয় খন আছে মৰিগাওঁ জিলা৷ কৃষি প্ৰধান মৰিগাঁও জিলাৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয় খনকলৈ ৰাজনীতি কৰা বুলিও প্ৰচাৰ হোৱা বুলি জানিব পৰা যায়৷ 

মৰিগাঁৱৰ জিলাৰ মৰিগাওঁ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত ২০১৭ চনৰ ৩১ মে’ৰ পৰা বিনা অধ্যক্ষই চলি আছে বিদ্যালয় খন৷ আজি পৰ্যন্ত স্থায়ী অধ্যক্ষ নিয়ুক্তি নিদিয়াত ব্যাপক খেলিমেলিৰে বিদ্যালয় খন চলি থকাৰ অভিযোগ উত্থাপিত হৈছে৷ বিদ্যালয়খনৰ অধ্যক্ষ নথকাত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ সময়তে একাংশ সচেতন শিক্ষকে জিলাখনৰ বিদ্যালয় পৰিদৰ্শক তথা জিলাখনৰ উপায়ুক্তক পত্ৰ প্ৰেৰণ কৰি স্থায়ী অধ্যক্ষ নিয়ুক্তি দিয়াৰ আহ্বান জনাইছিল৷ যদিও প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰৰা অভিযোগ উত্থাপন হয়৷ 

উল্লেখ্য যে, ২০১৭ বৰ্ষৰ ৩১ মে’ত অৱসৰ গ্ৰহণ কৰিছিল বিদ্যালয়খনৰ অধ্যক্ষ গহীন চন্দ্ৰ নাথে। তেতিয়াৰ পৰা আজিকোপতি বিদ্যালয়খনত অধ্যক্ষ নিযুক্তি নিদিয়াত চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষই হেমাহি কৰা বুলি মন্তব্য আগবঢ়ায় একাংশ শিক্ষকে।

সাতমাহে অধ্যক্ষ নথকা বিদ্যালয় এখনৰ শৈক্ষিক আৰু প্ৰশাসনিক কাম-কাজত কেনেধৰণৰ বিশৃংখলতাৰ সৃষ্টি হৈছে সেয়া সহজেই অনুমেয়। প্ৰণিধানযোগ্য যে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব জিলা পৰিদৰ্শকে চম্ভালি আহিছে৷ জিলা খনৰ শিক্ষা বিভাগটো চোৱাচিতা কৰি অহা বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে সময় দিব নোৱাৰে সেয়া স্পষ্ট হৈ পৰিছে৷

বিদ্যালয়খনৰ কোনো এজনক একাডেমিক ইনচাৰ্জৰ দায়িত্ব দিয়াহলে বিদ্যালয় খনৰ সমস্যা সমাধান হ’লহেঁতেন যদিও তেনে নকৰি কনিষ্ঠ শিক্ষয়িত্ৰীএগৰাকীক সেই দায়িত্ব দি লৰাধেমালী কৰা বুলি চৰ্চা আৰম্ভ হৈছে৷ এনেদৰে কনিষ্ঠ শিক্ষয়িত্ৰীএগৰাকীক এনে গুৰু দায়িত্বভাৰ দিয়াত দক্ষতাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ লগতে এনে কাণ্ডই জ্যেষ্ঠ শিক্ষকৰ স্বাভিমানতো আঘাত হনা বুলি এক পত্ৰযোগে একাংশ শিক্ষকে অভিযোগ উত্থাপন কৰে জিলা প্ৰশাসনৰ ওচৰত৷ 

বিদ্যালয়খনৰ শৈক্ষিক-প্ৰশাসনিক পৰিবেশ বিনষ্ট হোৱাৰ আশংকা কৰি একাংশ শিক্ষকে ২০১৭ বৰ্ষৰ ১১ ছেপ্তেম্বৰত মৰিগাঁৱৰ উপায়ুক্তক লিখিতভাৱে জনোৱাত উপায়ুক্তৰ নিৰ্দেশনামৰ্মে উক্ত বৰ্ষৰে ২২ নৱেম্বৰত সাক্ষাত্কাৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে যদিও সাক্ষাত্কাৰ ৰহস্যজনক ভাবে পৰিদৰ্শক অনুপস্থিত থাকে৷ পৰিদৰ্শকে এজন প্ৰধান শিক্ষকক পৰ্যবেক্ষক হিচাপে প্ৰেৰণ কৰি দায়িত্ব সামৰে৷ 

 

আজিকোপতি সাক্ষাত্কাৰৰ ফলাফল উৰ্দ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ নকৰাত বিষয়টোৱে জিলাখনৰ শৈক্ষিক মহলত বিভাগটোৰ হেমাহিৰ লগতে স্বচ্ছতাৰ ওপৰতো সন্দেহৰ সৃষ্টি কৰিছে৷ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা পৰিদৰ্শকগৰাকীৰ উপস্থিতিত হোৱা এক সভাত বিদ্যালয়ৰ শিক্ষকবৰ্গই অধ্যক্ষ নিযুক্তিৰ এনে খামখেয়ালিৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰাত পৰিদৰ্শকগৰাকীয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিলৈ আঙুলি টোৱাই দায়িত্ব সামৰে৷
 
ইফালে সমিতিৰ সভাপতিগৰাকীৰ ভাষ্যমতে অধ্যক্ষ বাচনিৰ প্ৰক্ৰিয়া বিভাগীয় নীতি-নিৰ্দেশনা বহিৰ্ভূতঃভাবে হোৱা বুলি তেওঁ স্বাক্ষৰ কৰা নাই বুলি জনায়৷ আঁসোৱাহপূৰ্ণ বাছনি প্ৰক্ৰিয়া সন্দৰ্ভত দৃষ্টি আকৰ্ষণ কৰি সভাপতিগৰাকীয়ে লিখিতভাৱে সদস্য সচিবক জনোৱাৰ পিছতো বিষয়টো সন্দৰ্ভত কোনোধৰণৰ সঁহাৰি পোৱা নাই বুলিও জানিব পৰা যায়৷ 

তদুপৰি ঐতিহ্যমণ্ডিত বিদ্যালয়খনত সাতোটাকৈ বিষয় শিক্ষকৰ পদ খালি হৈ থকাত উচ্চতৰ মাধ্যমিকৰ পাঠদানত প্ৰভাৱ পৰিব বুলি মতপোষণ কৰিছে শিক্ষকবৰ্গই৷ এগৰাকী স্থায়ী অধ্যক্ষ নিযুক্তিৰ লগতে অনান্য সমস্যাসমূহ সমাধানৰ বাবে মৰিগাঁও জ্যেষ্ঠ নাগৰিক সভাৰ সভাপতি-সম্পাদকক জিলা উপায়ুক্তৰ সৈতে আলোচনাত বহাৰ পোষকতা কৰি ১৭গৰাকী শিক্ষকে স্বাক্ষৰিত কৰা পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷
 
যিটো সময়ত ক্লাষ্টাৰ ইউনিভাৰ্ছিটিৰ নামত কেন্দ্ৰ চৰকাৰে ৰাজ্যখনৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়সমূহৰ ইতিহাস, জ্ঞান-গৰিমা ধূলিস্যাত কৰাৰ পৰিকল্পনা চলি থকা বুলি বিতৰ্কৰ সূত্ৰপাত হৈছে৷ তেনে এক সময়তে মৰিগাঁও জিলাৰ ভিতৰতে আটাইতকৈ পুৰণি হীৰক জয়ন্তী অতিক্ৰম কৰা শিক্ষানুষ্ঠানখনত এনে বিসংগতিয়ে মৰিগাঁৱৰ সচেতন মহল প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷