গুৱাহাটীঃ বিজেপিয়ে সেউজ সংকেত দিলে কংগ্ৰেছ এৰি বিজেপিলৈ আহিবলৈ সাজু এগৰাকী বিধায়ক, প্ৰাক্তন মন্ত্ৰী তথা সংখ্যালঘু নেতা৷ কংগ্ৰেছৰ বৰ্তমানৰ প্ৰভাৱশালী নেতাগৰাকীয়ে যোৱা ২০টা দিনত কেইবাবাৰো বিজেপিৰ সৈতে যোগোযোগ কৰা বুলি জানিব পৰা গৈছে৷ 

যোগাযোগ অব্যাহত ৰাখি বিজেপি দলত যোগদান কৰিব খোজে বুলি প্ৰচাৰ হৈছে৷ আৰএছএছৰ ঘনিষ্ঠ এটি সুত্ৰই newsnextone.comক জানিবলৈ দিয়া মতে, নেতাগৰাকীয়ে বিজেপিত যোগদান কৰাৰ ক্ষেত্ৰত সন্মতি জনোৱা নাই বিজেপিৰ অসমৰ এগৰাকী বৰ্তমানৰ প্ৰভাৱশালী নেতাই৷ 

বিজেপিৰ নেতাগৰাকীয়ে সেউজ সংকেত দিলেহে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই এই কথা সিদ্ধান্ত লব বুলি জানিব পৰা যায়৷ আনহাতে কংগ্ৰেছ এৰি বিজেপিলৈ আহিব বিচৰা নেতাগৰাকীৰ পূৰ্বৰ কু-ৰ্কীতিৰ বাবেহে অসমৰ বিজেপিৰ নেতৃত্বই নেতাগৰাকীক গুৰুত্ব প্ৰদান কৰা নাই বুলি খবৰ ওলাইছে৷

সুত্ৰৰ খবৰ মতে, কংগ্ৰেছ নেতাগৰাকীক চিবিআইয়ে শীঘ্ৰে জেৰা কৰাৰ সম্ভাৱনা আছে৷ যাৰ ফলত বিজেপিত যোগদান কৰাৰ বাবে উঠি-পৰি লাগিছে নেতাগৰাকী৷