নতুন দিল্লীঃ উত্তৰ পূৰ্বাঞ্চলৰ কাকতসমূহৰ শুকুৰবাৰৰ সংখ্যাৰ প্ৰথম পৃষ্ঠাত গুৰুত্বসহকাৰে প্ৰকাশ পোৱা এটা বাতৰি আছিল 'পৰোৱানা নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিব পাৰিব আছাম ৰাইফলছে’।

ভাৰতৰ স্বাধীনতাৰ ৭০ বছৰৰ পাছতো এনেদৰে সামৰিক শক্তি দেশৰ নাগৰিকৰ ওপৰত অপ-প্ৰয়োগ কৰা নজিৰ দুৰ্ভাগ্যজনক। ব্যক্তি স্বাধীনতাৰ হৰণ তথা মানৱ অধিকাৰ উলংঘনৰ এনে স্পৃহা অপ্ৰত্যাশিত নহয় যদিও ইয়াক কোনেও বাঞ্ছা নকৰে।

সেয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এনে জাননী জাৰি কৰাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল ক্ষোভিত হৈ পৰা দেখা গ’ল। অঞ্চলটোত উগ্ৰপন্থীৰ বিশেষ তৎপৰতা নোহোৱা অৱস্থাত কি কাৰণে এনে ক’লা আইন উত্তৰ-পূববাসীৰ ওপৰত জাপি দিব বিচাৰিছিল, সেয়া সকলোৰে মনত সাঁথৰ হৈ ৰৈছে।

পিছে, চৰকাৰৰ সুমতি অনাকাংক্ষিতভাৱে সোনকালেই উদয় হ’ল। এই জাননী জাৰি কৰাৰ তিনি দিন পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশনা স্থগিত কৰিলে। উত্তৰ পূৰ্বাঞ্চলৰ পাঁচ ৰাজ্যত এই বিশেষ ক্ষমতা প্ৰয়োগ কৰিবলৈ লোৱা হৈছিল যদিও এতিয়া এই পাঁচ ৰাজ্যৰ চৰকাৰসমূহৰ লগত আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে।

যোৱা ১৯ ফেব্ৰুৱাৰীত জাৰি কৰা জাননীত কোৱা হৈছিল যে আছাম ৰাইফলছে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামৰ সীমান্ত জিলাকেইখনত এই ক্ষমতা প্ৰয়োগ কৰিব পাৰিব।